নেশ্বনেল ডেস্ক, 24 আগষ্ট :মহাৰাষ্ট্ৰ আৰক্ষীয়ে(Maharashtra police) কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতা নাৰায়ণ ৰাণে(Union Minister and BJP leader Narayan Rane )ক ৰত্নগিৰিত আটক কৰিছে । সংবাদ মাধ্যমত প্ৰকাশ হোৱা এক বাতৰি অনুসৰি, ৰাণেই সোমবাৰে মহাৰাষ্ট্ৰত জন আশীৰ্বাদ যাত্ৰা( Jan Aashirwad Yatra)ৰ সময়ত মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে এক মন্তব্য কৰিছিল । অৱশেষত মঙলবাৰে বিজেপি নেতাজনক উপকূলীয় ৰত্নগিৰি জিলাৰ আৰক্ষীয়ে জিম্মাত লয় ৷
য'ত তেওঁ জন আশীৰ্বাদ যাত্ৰাৰ অংশ হিচাপে ভ্ৰমণৰত অৱস্থাত আছিল । পৰৱৰ্তী সময়ত বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক নিজৰ জিম্মাত লোৱাৰ পিছত আৰক্ষীয়ে সংগমেশ্বৰ আৰক্ষী চকীলৈ লৈ যায় বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, এই ঘটনাৰ পূৰ্বে মঙলবাৰে ৰাণেই তেওঁৰ বিৰুদ্ধে থকা অভিযোগক প্ৰত্যাহ্বান জনাই বোম্বে উচ্চ ন্যায়ালয়(Bombay High Court )ৰ কাষ চাপিছিল ।