নিউজ ডেস্ক, ৮ আগষ্ট :মহাৰাষ্ট্ৰ ৰাজ্যিক সচিবালয়ত সন্ত্ৰাসবাদী আক্ৰমণৰ সতৰ্কবাণী দি মুম্বাইৰ মন্ত্ৰালয়লৈ প্ৰৱঞ্চনামূলক ফোন কৰাৰ অভিযোগত এজন ৬১ বছৰীয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে । মন্ত্ৰালয়ৰ এজন বিষয়াই মঙলবাৰে এই কথা প্ৰকাশ কৰে । গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ নাম প্ৰকাশ খেমানী । খেমানীয়ে সোমবাৰে নিশা প্ৰায় ১০ বজাত মন্ত্ৰালয়ৰ লেণ্ডলাইনলৈ তেওঁৰ মোবাইল ফোনৰ পৰা ফোন কৰি এই প্ৰৱঞ্চনা কৰিছিল ।
উল্লেখ্য যে মন্ত্ৰালয় কাৰ্যালয় চৌহদৰ কৰ্মচাৰীয়ে তেওঁৰ ফোনৰ সঁহাৰি জনোৱাৰ পিছত খেমানীয়ে দাবী কৰিছিল যে দক্ষিণ মুম্বাইৰ মহাৰাষ্ট্ৰ চৰকাৰৰ মুখ্য কাৰ্যালয়ত 'সন্ত্ৰাসবাদী আক্ৰমণ' সংঘটিত হ'ব । বিষয়াজনে লগতে কয় । আনহাতে, এই তথ্য তৎক্ষণাৎ সংশ্লিষ্ট উচ্চ বিষয়াসকললৈ প্ৰেৰণ কৰা হয় । তাৰ পিছতে ঘটনাটোৰ প্ৰাথমিক অনুসন্ধান কৰা হয় । কিন্তু অনুসন্ধানত এইটো পোহৰলৈ আহে যে অভিযুক্তই মন্ত্ৰালয় কাৰ্যালয়লৈ সন্ত্ৰাসবাদীৰ ভাবুকিৰ বিষয়ে কৰা ফোনটো এটা প্ৰৱঞ্চনামূলক ফোন আছিল ।