নেশ্যনেল ডেস্ক, ৫ জুলাই: চৰকাৰী চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত মাৰাঠাসকলৰ বাবে আসন সংৰক্ষণক লৈ দাবী জনাই অহাৰ পাছত এইবাৰ কৃষি আইন প্ৰত্যাখ্যানৰ সিদ্ধান্ত লৈছে মহাৰাষ্ট্ৰ চৰকাৰে । দেওবাৰে মহাৰাষ্ট্ৰ কেবিনেটে ৩টা প্ৰস্তাৱত অনুমোদন জনায় । চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, সোমবাৰৰ পৰা আৰম্ভ হোৱা মহাৰাষ্ট্ৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন(Monsoon Session)ত এই তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব । এই তিনিটা প্ৰস্তাৱৰ ভিতৰত এটা প্ৰস্তাৱ হৈছে কেন্দ্ৰই প্ৰণয়ন কৰা তিনিখন কৃষি আইন(Farm Bill) প্ৰত্যাখ্যান কৰা ।
চৰকাৰী চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত মাৰাঠাসকলৰ বাবে আসন সংৰক্ষণ কৰাৰ বাবে এটা সিদ্ধান্ত ল'বলৈ অনুৰোধ জনোৱা এক প্ৰস্তাৱত দেওবাৰে কেবিনেটে সন্মতি প্ৰদান কৰে । কেবিনেটে অনুমোদন জনোৱা আন এটা প্ৰস্তাৱ হৈছে ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত অন্যান্য পিছপৰা শ্ৰেণীৰ জনসংখ্যাৰ তথ্য প্ৰদান কৰিবলৈ কেন্দ্ৰক আহ্বান কৰা । এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ উদ্দেশ্য হৈছে স্থানীয় নিকায়সমূহত অন্যান্য পিছপৰা শ্ৰেণীৰ সদস্যসকলৰ বাবে যাতে ৰাজনৈতিক সংৰক্ষণ কৰিব পৰা যায় । এই তিনিটা প্ৰস্তাৱ সোমবাৰে ৰাজ্যিক বিধানসভাৰ দুয়োখন সদনত উত্থাপিত হোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে ।
উল্লেখ্য যে, ২০২০ চনৰ নৱেম্বৰ মাহৰ পৰা কৃষকসকলে দিল্লী সীমান্তত Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Act, 2020, Farmers’ (Empowerment and Protection) Agreement on Price Assurance and Farm Services Act, 2020 আৰু Essential Commodities (Amendment) Act, 2020 বাতিল কৰা আৰু উৎপাদিত শস্যৰ বাবে নিম্নতম সমৰ্থনৰ মূল্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।