অসম

assam

মহাৰাষ্ট্ৰত পুনৰ লকডাউন

By

Published : Feb 21, 2021, 10:23 PM IST

ক'ভিড-19 ৰ পুনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে পুনৰ ঘোষণা কৰিছে লকডাউন ৷ মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত সাতদিনীয়াকৈ লকডাউন ৷ শনিবাৰে বৃহান মুম্বাই পৌৰ নিগমে মাস্ক পৰিধান নকৰাৰ বাবে 16,154 গৰাকী লোকক জৰিমনা বিহে ৷

মহাৰাষ্ট্ৰত পুনৰ লকডাউন
মহাৰাষ্ট্ৰত পুনৰ লকডাউন

নেশ্যনেল ডেস্ক, 21 ফেব্ৰুৱাৰী:দেশত পুনৰ ক'ভিড-19 ৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে পুনৰ সপ্তাহজোৰা লকডাউন ঘোষণা কৰিছে ৷ দেওবাৰে মহাৰাষ্ট্ৰৰ ৰাজ্যিক চৰকাৰে এই কথা ঘোষণা কৰে ৷ ঘোষণা অনুসৰি সাত দিনীয়াকৈ পুনৰ লকডাউনৰ কঠোৰ অধিনিয়মৰ মাজত থাকিব মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলা ৷

মন্ত্ৰী যশোমতী ঠাকুৰে সংবাদ মাধ্যমক এই কথা জানিবলৈ দি কয় যে, আঁচলপুৰ চহৰক বাদ দি অমৰাৱতী জিলাত সপ্তাহটোলৈ লকডাউন বাহাল থাকিব আৰু এই সময়ছোৱাত কেৱল মাত্ৰ অত্যাৱশ্যকীয় সামগ্ৰীহে সৰহবৰাহ কৰাৰ বাবে অনুমতি প্ৰদান কৰা হ'ব ৷

মহাৰাষ্ট্ৰৰ এগৰাকী অন্য মন্ত্ৰীয়ে জনোৱা মতে ক'ভিড-19 ৰ সংক্ৰমণ পুনৰ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নাগপুৰ, অমৰাৱতী আৰু কিছু জিলাত মহাৰাষ্ট্ৰ চৰকাৰে সান্ধ্য আইন জাৰি কৰাৰ বাবেও চিন্তা চৰ্চা কৰিছে ৷ অৱশ্যে এই সন্দৰ্ভত এক আলোচনাৰ পাছত মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

জানিব পৰা মতে, বৃহান মুম্বাই পৌৰ নিগমে দেওবাৰে আন্ধেৰী আৰক্ষী থানাত চাৰি গৰাকীকৈ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰিছে ৷ এই চাৰিগৰাকী ব্যক্তিয়ে 7 দিনৰ কোৱাৰেন্টাইনৰ নিয়ম ভংগ কৰা বুলি পৌৰ নিগমে অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক:কয়লা হৰলুকিৰ ঘটনাত অভিষেক বেনাৰ্জীৰ পত্নীলৈ চিবিআইৰ জাননী

ABOUT THE AUTHOR

...view details