নেচনেল ডেস্ক,20 মে':এজন মৃত ক'ভিড ৰোগীক তিনিদিন ধৰি চিকিৎসা কৰি থকাৰ এক ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ নানদেদৰ গোদাবৰী চিকিৎসালয়ত এই ঘটনা সংঘটিত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, মৃতকৰ পৰিয়ালৰ পৰা যাতে বৃহৎ পৰিমাণৰ ধন সৰকাব পাৰে, তাৰে কু-চক্ৰান্ত কৰি চিকিৎসকে মৃত লোকজনক তিনিদিন ধৰি চিকিৎসা কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে ৷
জানিব পৰা মতে, CIDCO অঞ্চলৰ ভিনকাৰ কলনীৰ এগৰাকী বাসিন্দা তথা বৃত্তিত এগৰাকী শিক্ষক অংকলেশ পাৱাৰ 16 এপ্ৰিলত ক'ভিডত আক্ৰান্ত বুলি ধৰা পৰিছিল ৷ ইয়াৰ পাচতে তেওঁক গোদাবৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ অভিযোগ অনুসৰি, 21 এপ্ৰিলতে ক'ভিডৰ বিৰুদ্ধে যুঁজত হাৰ মানি তেওঁৰ মৃত্যু হয় যদিও চিকিৎসকে 24 এপ্ৰিলতহে তেওঁক মৃত ঘোষণা কৰে ৷ লোকজনৰ চিকিৎসাৰ বিনিময়ত 1.40 লাখ টকাৰ বিল প্ৰদান কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷