নিউজ ডেস্ক, ২৭ জুন : উচ্চতম ন্যায়ালয়ে সোমবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষ নৰহৰি জিৰৱাল (Supreme Court issued notice to Maharashtra Deputy Speaker), বিধায়িনী দলৰ নেতা অনিল চৌধুৰী (leader of Legislature party Anil Chaudhary) আৰু কেন্দ্ৰলৈ জাননী জাৰি কৰে (Supreme Court notice to centre) । বিদ্ৰোহী শিৱসেনা বিধায়ক একনাথ সিণ্ডে (rebel Sena MLA Eknath Shinde) আৰু আন ১৫ জন বিধায়কক অযোগ্যতাৰ জাননীক প্ৰত্যাহ্বান জনাই সিন্দেই কৰা আবেদনৰ শুনানিৰ সময়ত ছুপ্ৰিম কোৰ্টে এই জাননী জাৰি কৰে ।
শীৰ্ষ আদালতে বিদ্ৰোহী বিধায়কসকলক দিয়া সময়সীমাও বৃদ্ধি কৰে আৰু তেওঁলোকক ১১ জুলাইৰ ভিতৰত তেওঁলোকৰ সঁহাৰি দাখিল কৰিবলৈ অনুমতি দিয়ে । ইয়াৰ পূৰ্বে বিদ্ৰোহী বিধায়কসকলে সোমবাৰে সন্ধিয়া ৫.৩০ বজাৰ ভিতৰত উত্তৰ দাখিল কৰিবলগা আছিল । উল্লেখ্য, বিদ্ৰোহী শিৱসেনাৰ বিধায়কসকলৰ নেতা একনাথ সিন্দে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক (political controversy in Maharashtra) বিতৰ্কৰ কেন্দ্ৰত আছে আৰু যোৱা এসপ্তাহ ধৰি গুৱাহাটীত তেওঁৰ সহযোগী বিধায়কসকলৰ সৈতে বাহৰ পাতি আছে (Shinde and other MLAs are in Guwahati) ।
তেওঁৰ আবেদনত মহাৰাষ্ট্ৰৰ উপাধ্যক্ষই (Maharashtra Deputy Speaker) বিদ্ৰোহী বিধায়কসকলক জাৰি কৰা অযোগ্যতাৰ জাননী (challenges disqualification notices) আৰু লগতে অজয় চৌধুৰীক শিৱসেনা বিধায়িনী দলৰ নেতা হিচাপে নিযুক্তি দিয়াক প্ৰত্যাহ্বান জনাইছে । শীৰ্ষ আদালতে ১১ জুলাইত শুনানিৰ বাবে তেওঁৰ আবেদন তালিকাভুক্ত কৰে । আজি দিনটোৰ কাৰ্যক্ৰমণিকাৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে একনাথ সিন্দেৰ গোটটোক সোধে (Supreme Court asked Eknath Shinde's faction), 'তেওঁলোক কিয় বোম্বাই উচ্চ ন্যায়ালয়লৈ (Bombay High Court) যোৱা নাছিল' । ইয়াৰ উত্তৰত তেওঁলোকে কয় যে তেওঁলোকৰ জীৱন বিপদাপন্ন হৈছে আৰু মুম্বাইত (Mumbai) আইনী প্ৰতিকাৰ লাভৰ বাবে পৰিৱেশ অনুকূল নহয় ।
ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালাক (Justices Surya Kant and J.B. Pardiwala) লৈ গঠিত খণ্ড বিচাৰপীঠে বিদ্ৰোহী বিধায়কসকলক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা নীৰজ কিষাণ কৌলক সোধে (senior advocate Neeraj Kishan Kaul), তেওঁলোকে বোম্বাই উচ্চ ন্যায়ালয়লৈ কিয় যোৱা নাই । কৌলে বিদ্ৰোহী শিৱসেনাৰ বিধায়ক আৰু তেওঁলোকৰ পৰিয়ালৰ জীৱনৰ প্ৰতি ভাবুকিৰ কথা উল্লেখ কৰি মুম্বাইত গোচৰ চলাবলৈ পৰিৱেশ অনুকূল নহয় বুলি জনায় ।