অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰত নতুনকৈ ক’ভিডত আক্ৰান্ত 58,952 গৰাকী - হোম আইচ'লেচন

বুধবাৰলৈকে মহাৰাষ্ট্ৰত 58,952 গৰাকী লোক নতুনকৈ ক'ৰণাত আক্ৰান্ত হোৱাৰ পাচতে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা হৈছে গৈ 35,78,160 গৰাকী ৷ আনহাতে, স্বাস্থ্য বিভাগে জনোৱা মতে পুনৰ 278 জন লোকৰ মৃত্যু হোৱাৰ পাচতে মৃত্যুৰ সংখ্যা হৈছে গৈ 58,804 গৰাকী ৷

মহাৰাষ্ট্ৰত পুনৰ মহামাৰীৰ আতংক: নতুনকৈ আক্ৰান্ত 58,952 গৰাকী
মহাৰাষ্ট্ৰত পুনৰ মহামাৰীৰ আতংক: নতুনকৈ আক্ৰান্ত 58,952 গৰাকী

By

Published : Apr 15, 2021, 10:33 AM IST

নেশ্যনেল ডেস্ক,15 এপ্ৰিল :মহাৰাষ্ট্ৰত পুনৰ মহামাৰীৰ আতংক ৷ বুধবাৰলৈকে মুঠ 58,952 গৰাকী লোক নতুনকৈ ক'ৰণাত আক্ৰান্ত হোৱাৰ পাচতে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা হৈছে গৈ 35,78,160 গৰাকী ৷ আনহাতে, স্বাস্থ্য বিভাগে জনোৱা মতে পুনৰ 278 জন লোকৰ মৃত্যু হোৱাৰ পাচতে মৃত্যুৰ সংখ্যা হৈছে গৈ 58,804 গৰাকী ৷ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে বুধবাৰৰ নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ 15 দিনীয়া এক জৰুৰী কালীন ব্যৱস্থা ঘোষণা কৰিছে ৷ 1 মে' লৈ হ'ব লগীয়া এই জৰুৰীকালীন ব্যৱস্থা বুধবাৰে নিশা 8 বজাৰ পৰা আৰম্ভ হৈছে ৷

এক বিবৃতি যোগে মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে জনোৱা মতে, বৰ্তমানলৈকে ৰাজ্যখনত 11 এপ্ৰিললৈ 63,294 গৰাকী ৰোগী নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে 39,624 গৰাকী লোকে আৰোগ্য লাভৰ লগতে মুঠ আৰোগ্য লাভৰ সংখ্যা হৈছে গৈ 29,05,721 গৰাকী ৷ ৰাজ্যখনৰ মুখ্য চহৰ মুম্বাইত শেহতীয়াভাৱে 9,931 গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে 54 গৰাকী লোকৰ মৃত্যু হয় ৷ সম্প্ৰতি 2,42,149 টা নতুন পৰীক্ষাৰ সৈতে ৰাজ্যখনত 2,28,02,200 টা পৰীক্ষা সম্পন্ন কৰা হৈছে ৷

উল্লেখ্য যে, ৰাজ্যখনৰ 34,55,206 গৰাকী লোক এতিয়াও হোম আইচ'লেচনত থকাৰ বিপৰীতে 28,494 গৰাকী লোক আইচ'লেচন চেন্টাৰত আছে ৷ 11 এপ্ৰিলত স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনত আৰোগ্য লাভৰ হাৰ হৈছে 81.21% ৷ মুখ্য চহৰ মুম্বাইত নতুনকৈ 18,676 গৰাকী নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে 89 গৰাকীৰ মৃত্যুৰ পাচত মৃতকৰ সংখ্যা হৈছে গৈ 21,334 গৰাকী ৷

ইফালে, নাছিক, পুনে আৰু নাগপুৰতো ক'ৰণাই সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ নাছিক চহৰত 2,699 গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে পুনে চহৰত 4,209 গৰাকী আৰু নাগপুৰত 10,806 গৰাকী লোক আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক: ক’ভিডৰ বিৰুদ্ধে মোডীৰ নতুন অভিযান "জনভাগীদাৰী"

ABOUT THE AUTHOR

...view details