অসম

assam

By

Published : Jan 9, 2021, 4:19 PM IST

ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ এখন ফাৰ্মত মৃত্য়ু ৯০০ কুকুৰাৰঃ বাৰ্ড ফ্লুৰ সন্দেহ

মহাৰাষ্ট্ৰত এতিয়ালৈ বাৰ্ড ফ্লুৰ ঘটনা পোহৰলৈ অহা নাই যদিও ৰাজ্য়খনৰ পৰভানি জিলাৰ মুৰুম্বা গাৱৰ এখন ফাৰ্মত মৃত্য়ু হয় প্ৰায় ৯০০ টা কুকুৰাৰ । কুকুৰাৰ মৃত্য়ুৰ কাৰণ জানিবলৈ ইতিমধ্যে নমুনা পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে ।

মহাৰাষ্ট্ৰৰ এখন ফাৰ্মত মৃত্য়ু ৯০০ কুকুৰাৰ, বাৰ্ড ফ্লুৰ সন্দেহ
মহাৰাষ্ট্ৰৰ এখন ফাৰ্মত মৃত্য়ু ৯০০ কুকুৰাৰ, বাৰ্ড ফ্লুৰ সন্দেহ

নিউজ ডেস্ক , ৯ জানুৱাৰী : দেশৰ ভিন্ন প্ৰান্তত পক্ষীকূলত পুনৰ ধৰা পৰিছে এভিয়ান ইনফ্লুয়েঞ্জা বা বাৰ্ড ফ্লুৰ অৱস্থিতি । কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে এতিয়ালৈ কেৰালা, ৰাজস্থান, মধ্য়প্ৰদেশ, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু গুজৰাটত ধৰা পৰিছে বাৰ্ড ফ্লুৰ সংক্ৰমণ । ইয়াৰ মাজতে মহাৰাষ্ট্ৰতো এই ৰোগকলৈ চিন্তাত পৰিছে ৰাজ্য়খনৰ নাগৰিকসকল । কিয়নো শনিবাৰে এক শীৰ্ষ বিষয়াই জনোৱা মতে ৰাজ্য়খনৰ পৰভানি জিলাৰ মুৰুম্বা গাৱৰ এখন ফাৰ্মত মৃত্য়ু হয় প্ৰায় ৯০০ টা কুকুৰাৰ ।

জিলাখনৰ উপায়ুক্ত দীপক মুলগীকৰে সংবাদ মাধ্য়মক জনোৱা মতে কুকুৰাৰ মৃত্য়ুৰ কাৰণ জানিবলৈ ইতিমধ্যে নমুনা পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে । উপায়ুক্ত গৰাকীয়ে কোৱা মতে মাৰাথৱাদা অঞ্চলত স্বেচ্ছা সেৱী সংস্থাৰ অধীনৰ ফাৰ্মখনত দুটা দিনৰ ভিতৰত মৃত্য়ু হৈছে এই বৃহৎ সংখ্য়ক কুকুৰাৰ । অৱশ্য়ে প্ৰায় ৮০০০ কুকুৰা থকা ফাৰ্মখনৰ ৯০০ টা কুকুৰাৰ মৃত্য়ুৰ পিছত সম্প্ৰতি নতুনকৈ মৃত্য়ু হোৱা নাই কুকুৰাৰ । প্ৰথম দৃষ্টিত এয়া পুষ্টিহীনতাৰ বাবে মৃত্য়ু হোৱা বুলি ধাৰণা কৰা হৈছিল যদিও পৰীক্ষণৰ ফলাফলৰ পিছতহে সঠিককৈ ক'ব পৰা যাব বুলি জনালে উপায়ুক্ত গৰাকীয়ে ।

মহাৰাষ্ট্ৰত এতিয়ালৈ বাৰ্ড ফ্লুৰ ঘটনা পোহৰলৈ অহা নাই যদিও ২০০৬ চনত উত্তৰ মহাৰাষ্ট্ৰৰ নন্দুৰবাৰ আৰু ধুলে জিলাত বাৰ্ড ফ্লুৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছিল কেইবাহাজাৰ পক্ষীৰ ।

লগতে পঢ়ক :পুনৰ ৰাজাজী ৰিজাৰ্ভলৈ স্থানান্তৰিত বাঘ

ABOUT THE AUTHOR

...view details