অসম

assam

By

Published : Jul 14, 2022, 1:25 PM IST

ETV Bharat / bharat

Amarnath Yatra 2022 : জম্মু-কাশ্মীৰ প্ৰশাসনক তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান

অমৰনাথ যাত্ৰাৰ সময়ত তীৰ্থযাত্ৰীৰ মৃত্যুকলৈ উদ্বিগ্ন অমৰনাথৰ চাৰি মুবাৰকৰ ৰক্ষক মহন্ত দীপেন্দ্ৰ গিৰি । জম্মু-কাশ্মীৰ প্ৰশাসনক তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনালে দীপেন্দ্ৰ গিৰিয়ে (Deependra Giri calls for focus on safety of Amarnath pilgrims)। তেওঁৰ মতে ডাৱৰ বিস্ফোৰণ নহয় বৃষ্টিপাতৰ পাছত হোৱা কৃত্ৰিম বানৰ ফলতহে তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল ।

Amarnath Yatra 2022
জম্মু কাশ্মীৰ প্ৰশাসনক তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান

নেশ্যনেল ডেস্ক,১৪ জুলাই : চলিত বৰ্ষৰ ৩০ জুনৰ পৰা অমৰনাথ যাত্ৰা ২০২২ আৰম্ভ হৈছিল (Amarnath Yatra 2022 started on June 30) ৷ তেতিয়াৰে পৰা প্ৰতিদিনে হাজাৰ হাজাৰ লোকৰ আগমন হোৱা দেখা গৈছে । কিন্তু প্ৰতিকূল বতৰৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল এই অমৰনাথ যাত্ৰা । যাত্ৰা আৰম্ভ হোৱাৰ কিছুদিন পাছতে ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণৰ ফলত কেইবাগৰাকী ভক্তৰ মৃত্যু হৈছে (Cloudburst affects Amarnath Yatra 2022)। অৱশ্যে শেহতীয়াকৈ পৰিস্থিতি উন্নত হোৱাৰ পাছত অমৰনাথ যাত্ৰা পুনৰ আৰম্ভ হয় ।

ইয়াৰ মাজতে অমৰনাথ যাত্ৰাৰ সময়ত ভক্তৰ মৃত্যু হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অমৰনাথৰ চাৰি মুবাৰকৰ ৰক্ষক মহন্ত দীপেন্দ্ৰ গিৰিয়ে । অমৰনাথ যাত্ৰাৰ সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে উল্লেখ কৰে মহন্ত দীপেন্দ্ৰ গিৰিয়ে । লগতে জম্মু-কাশ্মীৰ প্ৰশাসনক ভক্তৰ সুৰক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

জলাশয় আৰু নলাৰ কাষত ভক্তসকলৰ বাবে অস্থায়ী পথ নিৰ্মাণ নকৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায় মহন্ত দীপেন্দ্ৰ গিৰিয়ে । কিয়নো বাৰিষাকালত তেনে স্থানত থকা পথসমূহে ভক্তসকলৰ বাবে ভাবুকিৰ কঢ়িয়াব পাৰে । ইয়াৰ উপৰিও প্ৰশাসনক তীৰ্থযাত্ৰীসকলৰ বাবে উপযুক্ত বাসস্থান আৰু 'লংগৰ' স্থাপন কৰিবলৈ তেওঁ আহ্বান জনায় ।

ইফালে শেহতীয়া ডাৱৰ বিস্ফোৰণ সম্পৰ্কে তেওঁ সংবাদমাধ্যমৰ আগত কয় যে বতৰ বিজ্ঞান কেন্দ্ৰই স্পষ্ট কৰি দিছে যে যদি এঘণ্টাত ১০০ মিমি বৰষুণ হয় তেন্তে ইয়াক মেঘ বিস্ফোৰণ হিচাপে ধৰিব পাৰি । সেয়েহে, তেওঁ সন্দেহ প্ৰকাশ কৰি কয় যে ডাৱৰ বিস্ফোৰণৰ ফলত তীৰ্থযাত্ৰীসকলৰ মৃত্যু হোৱা নাছিল । অমৰনাথৰ গুহাৰ সমীপত প্ৰৱল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীয়ে একপ্ৰকাৰ অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছিল । ইয়াৰ ফলতে তীৰ্থযাত্ৰীসকলৰ মৃত্যু হৈছিল বুলি তেওঁ সন্দেহ কৰে ।

লগতে পঢ়ক :Dalai Lama left Dharamshala: এদিনীয়া ভ্ৰমণসূচীৰে জম্মুলৈ ৰাওনা তিব্বতীয় ধৰ্মগুৰু দালাই লামা

For All Latest Updates

ABOUT THE AUTHOR

...view details