অসম

assam

কুম্ভমেলা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱক সমৰ্থন নাৰায়ণ গিৰি মহাৰাজৰ

প্ৰতীকী ৰূপত মহা কুম্ভমেলা অনুষ্ঠিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানক আদৰণি জনালে জুনা আখাৰাৰ সাধুসকলে । কৰ'ণাসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰতীকী ৰূপত কুম্ভমেলা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে । এই মেলাত অংশগ্ৰহণ কৰা শ শ ভক্ত, কেইবাজনো সাধু, ৰাজনৈতিক নেতা ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ।

By

Published : Apr 17, 2021, 6:51 PM IST

Published : Apr 17, 2021, 6:51 PM IST

প্ৰতিকী ৰূপত কুম্ভ মেলা অনুষ্ঠিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানক আদৰণি জনালে জুনা আখাৰাই
প্ৰতিকী ৰূপত কুম্ভ মেলা অনুষ্ঠিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানক আদৰণি জনালে জুনা আখাৰাই

নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল: ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি হৰিদ্বাৰত অনুষ্ঠিত হৈ থকা মহা কুম্ভমেলা প্ৰতীকী ৰূপত অনুষ্ঠিত কৰিবলৈ শনিবাৰে আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰী গৰাকীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰতীকী ৰূপত কুম্ভমেলা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে জুনা আখাৰাৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নাৰায়ণ গিৰি মহাৰাজে ।

মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰতীকী ৰূপত কুম্ভমেলা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছিল প্ৰধানমন্ত্ৰী মোডীয়ে । জুনা আখৰাৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নাৰায়ণ গিৰি মহাৰাজে কয় যে, সমগ্ৰ দেশতে দ্ৰুতগতিত বৃদ্ধি পোৱা কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত মহা কুম্ভমেলা প্ৰতীকীৰূপে অনুষ্ঠিত কৰা হ'ব । তেওঁ লগতে কয় যে, কুম্ভমেলাৰ আৰম্ভণিৰ পৰাই জুনা আখাৰাই সদায় চৰকাৰৰ পৰামৰ্শৰ প্ৰতি সমৰ্থন জনাই আহিছে ।

মহামাৰীৰ বাবে এইবাৰ অধিক সংখ্যক ভক্তক কুম্ভমেলাৰ বাবে হৰিদ্বাৰত উপস্থিত নহ'বলৈ নিৰ্দেশ দিছিল জুনা আখাৰাই । কেৱল সাধুসকলক গংগাত 'শ্বাহি স্নান'ৰ বাবে অনুমতি দিয়া হ'ব । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে কয় যে, তেওঁ আচাৰ্য মহামণ্ডলেশ্বৰ পূজ্য স্বামী অৱধেশানন্দ গিৰিজীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি সাধুসকলৰ স্বাস্থ্যৰ বিষয়ে বুজ লয় । প্ৰশাসনে আগবঢ়োৱা সমৰ্থনৰ বাবে তেওঁ প্ৰশাসনকো ধন্যবাদ জনায় । লগতে তেওঁ টুইটযোগে সাধুসকলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক: অৱশেষত জামিন পালে লালু প্ৰসাদ যাদৱে

ABOUT THE AUTHOR

...view details