নেশ্যনেল ডেস্ক, ১৯ জুন :কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে (Protest against Agneepath Scheme)। ইয়াৰ মাজতে এই আঁচনিক লৈ ৰাজনীতিও আৰম্ভ হৈছে । শাসকীয় পক্ষই এই আঁচনিৰ লাভালাভৰ বিষয়ে কৈ প্ৰতিবাদ প্ৰত্যাহাৰ কৰাৰ আহ্বান জনোৱাৰ বিপৰীতে বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি আছে (Uddhav Thackeray criticizes centre over Agnopath scheme)।
এইবাৰ অগ্নিপথ আঁচনিক লৈ মন্তব্য কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয় যে, দেশৰ যুৱসমাজৰ জীৱন আৰু উচ্চাকাংক্ষাৰ সৈতে খেলাটো ভুল । দলটোৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে (56th foundation day of Shiv Sena) শিৱসেনাৰ বিধায়ক আৰু জ্যেষ্ঠ নেতাসকলক সম্বোধন কৰি ঠাকৰেয়ে কয় যে যদি যুৱকসকল নিবনুৱা, তেন্তে কেৱল ভগৱান ৰামৰ বিষয়ে কোৱাৰ কোনো লাভ নাই ।