অসম

assam

ETV Bharat / bharat

Asad Encounter by UP STF : এনকাউণ্টাৰত নিহত মাফিয়া আতিক আহমেদৰ পুত্ৰ আছাদ - UP Umesh Pal murder case

উমেশ পাল হত্যাকাণ্ডৰ গোচৰত এক ডাঙৰ সফলতা । ঝান্সীত এছটিএফে মাফিয়া আতিক আহমেদৰ পুত্ৰ আছাদক গুলীয়াই হত্যা কৰে (mafia atiq ahamad son asad encounter) ।

Asad Encounter by UP STF
Asad Encounter by UP STF

By

Published : Apr 13, 2023, 2:47 PM IST

নিউজ ডেস্ক, ১৩ এপ্ৰিল :উত্তৰ প্ৰদেশৰ উমেশ পাল হত্যাকাণ্ডৰ গোচৰৰ এক ডাঙৰ সফলতা । আৰক্ষীৰ হাতত নিহত মাফিয়া আতিক আহমেদৰ পুত্ৰ আছাদ (asad encounter in jhansi by up stf) । ইয়াৰ উপৰিও গোলামকো আৰক্ষীয়ে হত্যা কৰে । দুয়ো উমেশ পাল হত্যাকাণ্ডৰ গোচৰত জড়িত আছিল । তেওঁলোক দুয়োৰে ওপৰত ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা আছিল ।

মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদৰ পুত্ৰ আছাদ আৰু গোলামৰ পুত্ৰ মকচুদান দুয়ো প্ৰয়াগৰাজৰ উমেশ পাল হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত আছিল (mafia atiq ahamad son asad encounter) । আনহাতে, তেওঁলোকৰ প্ৰত্যেকজনৰ মূৰৰ ওপৰত পাঁচ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা আছিল । ঝান্সীত ডিএছপি নৱেন্দু আৰু ডিএছপি বিমলৰ নেতৃত্বত উত্তৰ প্ৰদেশ স্পেচিয়েল টাস্ক ফ'ৰ্চৰ (UP special task force) এটা দলৰ সৈতে হোৱা সংঘৰ্ষত দুয়োজন নিহত হয় ।

উল্লেখ্য যে, উমেশ পাল হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত কৰিবলৈ নিৰন্তৰ অভিযান অব্যাহত ৰাখিছিল (UP Umesh Pal murder case) । এই গোচৰটোত আতিকৰ পত্নী চাইস্তা পাৰবীন, আতিকৰ পুত্ৰ আছাদকে ধৰি বহুতো অভিযুক্ত পলাতক হৈ আছিল । কেইবাটাও আৰক্ষীৰ দল তেওঁলোকৰ সন্ধানত নিয়োজিত হৈ আছে । হত্যাকাণ্ডটোত জড়িত আছাদ আৰু গোলামৰ বিষয়ে তথ্য পোৱাৰ পিচত ঝান্সী আৰক্ষী-প্ৰশাসন আৰু উত্তৰ প্ৰদেশ এছটিএফ দল সতৰ্ক হৈ পৰে ।

ইয়াৰ পিছতে দলকেইটাই ঝান্সীত আছাদ আৰু গোলামৰ সৈতে মুখামুখী হয় । তেওঁলোক দুয়োজনে সংঘৰ্ষত নিহত হয় । উল্লেখ্য, উমেশ পাল হত্যাকাণ্ডৰ গোচৰত উত্তৰ প্ৰদেশ এছটিএফৰ এই কাৰ্য এক ডাঙৰ সফলতা বুলি গণ্য কৰা হৈছে । এছটিএফে তেওঁলোক দুয়োৰে পৰা কেইবাটাও বিদেশী অস্ত্ৰ উদ্ধাৰ কৰিছে ।

উল্লেখ্য যে ইতিমধ্যে গেংষ্টাৰ আতিক আহমেদক যাৱজ্জীৱন কাৰাদণ্ড (Atiq Ahmed life impression) ৷ 2023 চনৰ অধিবক্তা উমেশ পাল হত্যাকাণ্ডৰ মূল অভিযুক্ত আৰু 2006 চনত উমেশ পালক অপহৰণ কৰা গোচৰৰ মূল অভিযুক্ত আছিল আতিক আহমেদ ৷ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এখন আদালতে ২৮ মাৰ্চত প্ৰদান কৰে এই ৰায়দান ৷ আতিক আহমেদসহ আন দুই অভিযুক্ত দীনেশ পাশি আৰু ছাউলাত হানিফক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে ৷

লগতে পঢ়ক :Punjab Military Station Firing : ভাটিণ্ডাৰ সামৰিক কেন্দ্ৰত আন এজন সৈনিকক গুলীয়াই হত্যা

ABOUT THE AUTHOR

...view details