চিটাৰা ডেস্ক, ২১ আগষ্ট :২০০৬ চনৰ ২১ আগষ্টৰ দিনটোতে বিশ্ব প্ৰসিদ্ধ শিল্পী তথা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰতৰত্ন' লাভ কৰা ওস্তাদ বিছমিল্লা খানৰ মৃত্যু হৈছিল । তেওঁৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত মহান শিল্পীগৰাকীক সমগ্ৰ বিশ্বতে স্মৰণ কৰা দেখা গৈছে । ওস্তাদ বিছমিল্লা খান ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এগৰাকী মহান নায়ক, যিয়ে শাস্ত্ৰীয় সংগীতেৰে বেনাৰসৰ লোক সংগীতক তেওঁৰ শ্বেহনাইৰ দ্বাৰা বিশেষ মাত্ৰা দিবলৈ সক্ষম হৈছিল ।
যি শ্বেহনাইৰ সুৰে পবিত্ৰ গংগাৰ পাৰ, মন্দিৰ সকলোতে শুনিবলৈ পোৱা যায় । কেৱল এয়াই নহয় স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উৎসৱত ৰাজধানী দিল্লীত শুনিবলৈ পোৱা গৈছিল তেওঁৰ শ্বেহনাইৰ সুৰ । ভাৰততে নহয় সমগ্ৰ বিশ্বতে তেওঁ বিখ্যাত হৈ পৰিছিল । তেওঁৰ প্ৰচেষ্টাতে মন্দিৰ, বিবাহ অনুষ্ঠান আৰু জানাজা আদিত বজোৱা শ্বেহনাই আন্তৰ্জাতিক কলা মঞ্চত প্ৰতিধ্বনিত হ'বলৈ আৰম্ভ কৰিলে ।
২১ আগষ্টত বিশ্বৰ ইতিহাসত লিপিবদ্ধ হোৱা অন্যান্য গুৰুত্বপূৰ্ণ ঘটনাবোৰ তলত উল্লেখ কৰা হ'ল :
১৭৯০: জেনেৰেল মিডোছৰ নেতৃত্বত ব্ৰিটিছ সেনাই তামিলনাডুৰ ডিণ্ডিগুল দখল কৰে ।
১৯১৫ : প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইটালীয়ে তুৰস্কৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ।
১৯৩৮: ইটালীৰ হাইস্কুলসমূহত ইহুদী শিক্ষকসকলক নিষিদ্ধ কৰা হয় ।