অসম

assam

ETV Bharat / bharat

Madurai train coach fire: মাদুৰাই ৰে'ল অগ্নিকাণ্ডৰ ন্যায়িক তদন্ত আৰম্ভ - Madurai train coach fire case

মাদুৰাইৰ ডিভিজনেল ৰে'লৱে মেনেজাৰৰ কাৰ্যালয় কমপ্লেক্সৰ ডিআৰএমৰ কনফাৰেন্স হলত মাদুৰাই ৰে'ল অগ্নিকাণ্ডৰ ন্যায়িক তদন্ত আৰম্ভ । এই ঘটনাৰ সৈতে জড়িত যিকোনো তথ্য আৰু প্ৰমাণ ৰাইজে তদন্তকাৰী সমিতিক প্ৰদান কৰিব পাৰিব ।

Madurai train coach fire
মাদুৰাই ৰে'ল অগ্নিকাণ্ডৰ ন্যায়িক তদন্ত আৰম্ভ

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 2:49 PM IST

নেশ্যনেল ডেস্ক, ২৭ আগষ্ট:মাদুৰাই ৰে’ল অগ্নিকাণ্ডৰ পাছতে ৰে'ল বিভাগ সক্ৰিয় হৈ পৰিছে । ইতিমধ্যে দুৰ্ঘটনাটোক লৈ তদন্তও আৰম্ভ হৈছে । দক্ষিণ ৰে'লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া বি গুগানেচানে এক বিবৃতিত কয় যে দেওবাৰে মাদুৰাই ৰে'ল অগ্নিকাণ্ডৰ ঘটনাৰ ন্যায়িক তদন্ত আৰম্ভ হ'ব । লক্ষণীয়ভাৱে মাদুৰাইৰ ৰে'ল অগ্নিকাণ্ডত ৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ৮ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছিল ।

উল্লেখ্য যে শনিবাৰে পুৱা মাদুৰাই ৰে'ল ষ্টেচনৰ ওচৰত ৰখাই থোৱা পুনালুৰ-মাদুৰাই এক্সপ্ৰেছৰ সৈতে সংলগ্ন এটা ডবাত এই অগ্নিকাণ্ড সংঘটিত হয় । ৰে'ল সুৰক্ষা আয়ুক্ত, এ.এম. চৌধুৰীয়ে অগ্নিকাণ্ডৰ ঘটনাৰ ন্যায়িক তদন্ত আৰম্ভ কৰিব ।

দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে দেওবাৰে মাদুৰাইৰ ডিভিজনেল ৰে'লৱে মেনেজাৰৰ কাৰ্যালয় কমপ্লেক্সৰ ডিআৰএমৰ কনফাৰেন্স হলত তদন্ত আৰম্ভ হ'ব । দক্ষিণ ৰে’লৱে ও জনসাধাৰণক ঘটনাটোৰ সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে তথ্য বা প্ৰমাণ শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে ।

আনহাতে ঘটনা আৰু ইয়াৰ সৈতে জড়িত বিষয় সম্পৰ্কীয় তথ্য আৰু প্ৰমাণ দিবলৈ বিচৰা যিকোনো লোকে ২৭ আগষ্টত মাদুৰাইৰ ডিআৰএমৰ কনফাৰেন্স হললৈ যাব পাৰে বা দক্ষিণ চক্ৰৰ ৰে'ল সুৰক্ষা আয়ুক্তলৈ লিখিব পাৰে ।

ইয়াৰ পূৰ্বে, শনিবাৰে দক্ষিণ ৰে’লৱেয়ে কৈছিল যে মাদুৰাই ৰে'লৰ অগ্নিকাণ্ডৰ ঘটনাত জড়িত অপৰাধীসকলে কঠোৰ আইনী পদক্ষেপৰ সন্মুখীন হ'ব । সংবাদ মাধ্যমক সম্বোধন কৰি দক্ষিণ ৰে'লৱেৰ জেনেৰেল মেনেজাৰ আৰ এন সিঙে কৈছিল যে জিআৰপিয়ে প্ৰাসংগিক আইপিচি ধাৰা আৰু ৰে'ল আইনৰ অধীনত এখন এজাহাৰ দাখিল কৰিছে ।

ইফালে দক্ষিণ ৰে'লৱেয়ে মাদুৰাই অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ক ১০ লাখ টকাৰ এককালীন অনুদান ঘোষণা কৰিছে । লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যাত্ৰীসকলৰ বাবে ২ লাখ টকা আৰু সামান্য আঘাতপ্ৰাপ্ত লোকসকলৰ বাবে ৫০,০০০ টকা ঘোষণা কৰিছে ।

লগতে পঢ়ক :Indian Railways releases guidelines: ৰে'ল যাত্ৰীয়ে কঢ়িয়াব নোৱাৰিব কি কি সামগ্ৰী

ABOUT THE AUTHOR

...view details