নিউজ ডেস্ক, ২১ ডিচেম্বৰ :মাদ্ৰাজ উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে তামিলনাডুৰ উচ্চ শিক্ষা মন্ত্ৰী তথা ডিএমকে নেতা কে পোনমুডিক আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰত তিনি বছৰৰ কাৰাদণ্ড প্ৰদান কৰে । আনহাতে, আদালতে মন্ত্ৰীগৰাকীক এই ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ সুবিধা দিবৰ বাবে ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰাখিছে ।
উল্লেখ্য যে তিনি বছৰৰ বাবে দোষী সাব্যস্ত হোৱাৰ ফলত তেওঁ বিধায়ক হিচাপে স্বয়ংক্ৰিয়ভাৱে অযোগ্য হ'ব । যাৰ বাবে তেওঁক এম কে ষ্টালিন নেতৃত্বাধীন কেবিনেটৰ পৰা বাদ দিয়া হ'ব পাৰে ।
ন্যায়ালয়ে মঙলবাৰে বিচাৰ আদালতৰ এক আদেশ বাতিল কৰে, য'ত মন্ত্ৰীগৰাকী আৰু তেওঁৰ পত্নী পি বিশালাক্ষীক ১.৭৫ কোটি টকাৰ অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰত নিৰ্দোষী ঘোষণা কৰিছিল ।
সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ দ্বাৰা দাখিল কৰা আপীলৰ ওপৰত নিৰ্দেশ প্ৰদান কৰি ন্যায়াধীশ জি জয়চন্দ্ৰনে মন্ত্ৰীগৰাকী আৰু তেওঁৰ পত্নীক তেওঁলোকৰ কথা শুনাৰ পিছত শাস্তিৰ পৰিমাণ ঘোষণা কৰাৰ বাবে ২১ ডিচেম্বৰত আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল ।