অসম

assam

ETV Bharat / bharat

ক'ভিশ্বিল্ড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা জাৰি - ক'ভিশ্বিল্ড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা জাৰি

मद्रास उच्च न्यायालय ने शुक्रवार को पुणे स्थित सीरम इंस्टीट्यूट ऑफ इंडिया (सीआईआई), इंडियन काउंसिल ऑफ मेडिकल रिसर्च (आईसीएमआर) को एक नोटिसा जारी किया.

Madras HC issues notice over Covishield vaccine side effects
Madras HC issues notice over Covishield vaccine side effects

By

Published : Feb 19, 2021, 3:24 PM IST

Updated : Feb 19, 2021, 5:17 PM IST

15:09 February 19

মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ক'ভিশ্বিল্ড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত উচ্চ ন্যায়ালয়ত জনোৱা আবেদনৰ ভিত্তিত এক নিৰ্দেশনা জাৰি কৰিছে ৷ পুনেস্থিত চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ, ইণ্ডিয়াছ ড্ৰাগ ৰেগুলেটৰি বডী, এষ্ট্ৰাজেনেচা আৰু চেন্নাইস্থিত শ্ৰী ৰামচন্দ্ৰ হায়াৰ এডুকেশ্বন এন্ড ৰিচাৰ্চ আৰু কেন্দ্ৰলৈ উচ্চ ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰিছে ৷

শুকুৰবাৰে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে জাৰি কৰে এই নিৰ্দেশনা

নিউজ ডেস্ক, 19 ফেব্ৰুৱাৰী:শুকুৰবাৰে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ক'ভিশ্বিল্ড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত উচ্চ ন্যায়ালয়ত জনোৱা আবেদনৰ ভিত্তিত এক নিৰ্দেশনা জাৰি কৰে ৷ কেন্দ্ৰৰ লগতে পুনেস্থিত চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ, ইণ্ডিয়াছ ড্ৰাগ ৰেগুলেটৰি বডী, এষ্ট্ৰাজেনেচা আৰু চেন্নাইস্থিত শ্ৰী ৰামচন্দ্ৰ হায়াৰ এডুকেশ্বন এন্ড ৰিচাৰ্চলৈ মাদ্ৰাছ উচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে ৷ 

জানিব পৰা মতে, পৰীক্ষণমূলক পৰ্যায়ত ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰা এগৰাকী লোকে পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰি উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল ৷ উক্ত আবেদনৰ ভিত্তিতেই উচ্চ ন্যায়ালয়ে কেন্দৰ লগতে উক্ত সংস্থা সমূহৰ উত্তৰ বিচাৰি এই নিৰ্দেশনা জাৰি কৰিছে ৷

ভিডিঅ' কনাফাৰেন্সিঙ যোগেদি বিষয়টোৰ সন্দৰ্ভত শুনানি দি ন্যায়ালয়ে পাছৰ শুনানিৰ দিন 26 মাৰ্চ ধাৰ্য কৰিছে ৷ 41 বৰ্ষীয় আচিফ ৰিয়াজ নামৰ আবেদনকাৰী গৰাকীয়ে পৰীক্ষণৰ ফলত তেওঁৰ শৰীৰত হোৱা অনিষ্ট সাধনৰ বাবে ক'ভিশ্বিল্ড নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ পৰা 5 কোটি টকাৰ এক ক্ষতিপূৰণ দাবী কৰিছে ৷

প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছৰটো দিনতে acute neuro encephalopathy ত ভোগাৰ লগতে তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটে বুলি প্ৰতিষেধক গ্ৰহণ কৰা আবেদনকাৰী জনে অভিযোগ কৰিছে ৷

লগতে পঢ়ক:পতঞ্জলিৰ 'কৰ'নিলে' লাভ কৰিলে চৰকাৰী অনুমোদন

Last Updated : Feb 19, 2021, 5:17 PM IST

ABOUT THE AUTHOR

...view details