অসম

assam

ETV Bharat / bharat

মধ্য প্ৰদেশৰ এখন চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ পিছতে এগৰাকী মহিলাৰ মৃত্যু - স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক

মঙলবাৰে দুপৰীয়া মধ্য প্ৰদেশৰ বুন্দেলখণ্ড জিলাত বন্ধ্যাকৰণ অস্ত্ৰোপচাৰ কৰাৰ পিছতে বাৰীয়াঘাটৰ নিকিতা জৈন নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় । উল্লেখযোগ্য যে, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ড৹ শশী ঠাকুৰে 28 জানুৱাৰীত এই অস্ত্ৰোপচাৰ কৰিছিল ৷ পৰিয়ালৰ সদস্য সকলে জানিবলৈ দিয়ে যে, মহিলা গৰাকীক অস্ত্ৰোপচাৰৰ কিছু সময় পিছতে স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটিছিল ৷

মধ্য প্ৰদেশত চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ পিছতে মহিলাৰ মৃত্যু
মধ্য প্ৰদেশত চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ পিছতে মহিলাৰ মৃত্যু

By

Published : Feb 10, 2021, 12:37 PM IST

নিউজ ডেস্ক,10 ডিচেম্বৰঃমঙলবাৰে দুপৰীয়া মধ্য প্ৰদেশৰ বুন্দেলখণ্ড জিলাত বন্ধ্যাকৰণৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছতে বাৰীয়াঘাটৰ নিকিতা জৈন নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় । উল্লেখযোগ্য যে, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ড৹ শশী ঠাকুৰে 28 জানুৱাৰীত কৰিছিল এই অস্ত্ৰোপচাৰ ৷ পৰিয়ালৰ সদস্য সকলে জানিবলৈ দিয়ে যে, মহিলা গৰাকীক অস্ত্ৰোপচাৰৰ কিছু সময় পিছতে স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটিছিল ৷ যাৰ ফলত উপায়ন্তৰ হৈ পৰিয়ালটোৱে নিকিতাক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় ৷ য'ত চিকিৎসকসকলে তাইৰ পেটৰ পৰা প্ৰায় ৩ লিটাৰ তেজ উলিয়াই লৈছিল। কাৰণ চিকিৎসকৰ মতে, বীজাণুমুক্তকৰণৰ সময়ত পেটত তেজৰ শিৰা কটা হৈছিল ।

আনহাতে অস্ত্ৰোপচাৰৰ পিছতো নিকিতাৰ স্বাস্থ্যৰ অৱস্থা উন্নত নোহোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ আন এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ গৈছিল ৩১ জানুৱাৰীত ৷ য’ত ডাঃ সন্তোষ ৰায় নামৰ এগৰাকী চিকিৎসকে নিকিতাৰ অস্ত্ৰোপচাৰ কৰি ৰক্তক্ষৰণ বন্ধ কৰে, কিন্তু তেতিয়ালৈকে মাত্ৰ ৩ শতাংশ হিমোগ্ল’বিনহে বাছি আছিল নিকিতাৰ শৰীৰত ।

ইপিনে চিকিৎসকসকলে জিলা চিকিৎসালয়ৰ ৰক্ত বেংকৰ পৰা তেজ, প্লাজমা আৰু প্লেটলেটৰ ব্যৱস্থা কৰিবলৈ কৈছিল পৰিয়ালক ৷ কিন্তু বহুতো চেষ্টা কৰিয়ো প্ৰয়োজনীয় তেজৰ ব্যৱস্থা কৰিব পৰা নগ'ল ৷ যাৰ ফলত মঙলবাৰে দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰিছিল নিকিতাই ৷

লগতে পঢ়কঃ কোকৰাঝাৰত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ কেইবাটাও দাবীৰে অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details