নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: ক'ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ পৰা যাত্ৰীবাহী বাছ অহাৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞাৰ সময়সীমা বৃদ্ধি কৰিলে মধ্য প্ৰদেশ চৰকাৰে । অহা ১৫ এপ্ৰিললৈকে মধ্য প্ৰদেশ-মহাৰাষ্ট্ৰৰ মাজত যাত্ৰীবাহী বাছ সেৱা স্থগিত কৰা হৈছে । পূৰ্বে ৩১ মাৰ্চলৈকে বাছ সেৱা স্থগিত কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছিল । মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কেবিনেটৰ বৈঠকৰ পিছত জিলা উপায়ুক্তৰ সৈতে মহামাৰী সন্দৰ্ভত এক পৰ্যালোচনামূলক বৈঠকত মিলিত হয় ।
এই বৈঠকত অংশ লোৱা বিষয়াসকলে কয় যে, জিলাখনত ৰোগীক ৪-৬ হাজাৰ বিচনা যোগান ধৰিব পৰা যাব । মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে, ভূপালত মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব মানি নচলা লোকে ১০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব লাগে আৰু তেওঁলোকক মাস্ক ব্যৱহাৰ কৰিবলৈ আহ্বান জনাব লাগে । হামিদিয়াসহ সকলো কেন্দ্ৰতে টীকাকৰণ প্ৰক্ৰিয়া দ্ৰুত কৰিব লাগে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।
ইন্দোৰ, ভূপাল, জবলপুৰ, খাৰগোনৰ পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে, এই ঠাইবোৰত কিছুমান মাইক্ৰ' কণ্টেইমেণ্ট জ'ন স্থাপন কৰি মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব লাগে । যিকোনো উপায়েৰে সংক্ৰমণ প্ৰতিহত কৰিবলৈ, সংকট ব্যৱস্থাপনা গোটৰ সদস্যসকলৰ সৈতে আলোচনা কৰিবলৈ আৰু সিদ্ধান্ত গ্ৰহণ কৰিবলৈও পৰামৰ্শ দিয়ে ।