নেশ্যনেল ডেস্ক,৩ মে': ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰকাশৰ ক্ষেত্ৰত মধ্য প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । কিয়নো চৰকাৰী তথ্যৰ সম্পূৰ্ণ বিপৰীত তথ্য প্ৰকাশ কৰিছে শ্মশানৰ কৰ্মচাৰীয়ে । শ্মশানত দিনে-নিশাই কাম কৰি থকা লোকসকলৰ মতে যোৱা এপ্ৰিল মাহত ইন্দোৰৰ মাত্ৰ এখন শ্মশানত ১৫০০ৰো অধিক লোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে ।
চৰকাৰী নথিত মৃতকৰ প্ৰকৃত সংখ্যা পঞ্জীয়নকৃত কৰা হৈছে যদিও দৈনিক তথ্য প্ৰকাশ কৰাৰ বাবে আহৰি নাই স্বাস্থ্য বিভাগৰ । আনহাতে, বিভাগটোৱে প্ৰকাশ কৰা তথ্য প্ৰকৃত তথ্যতকৈ পৃথক । সেয়ে প্ৰকৃত সত্য উদঘাটনৰ বাবে ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত হয় ইন্দোৰৰ 'পঞ্চকুয্যা মুক্তিধাম' শ্মশানত ।
বছৰ বছৰ ধৰি শেষকৃত্য সম্পন্ন কৰি অহা এই শ্মশানৰ কৰ্মচাৰী পুনম বাবাৰ মতে, যোৱা ৩০ এপ্ৰিলত শ্মশানখনত মুঠ ৩৫টা জন লোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল । ইয়াৰ ভিতৰত ভিতৰত ২০ জন লোক কৰ'ণা আক্ৰান্ত ৰোগী আছিল । কিন্তু ৩০ এপ্ৰিলত স্বাস্থ্য বিভাৰ কৰ'ণা বুলেটিনত মাত্ৰ সাতজন ক'ভিড ৰোগীৰ মৃত্যু হোৱাৰ তথ্যহে উল্লেখ কৰা হৈছে ।