অসম

assam

ETV Bharat / bharat

মধ্য়প্ৰদেশত তৃতীয় লিংগক পৃথক পৰিচয় পত্ৰ প্ৰদান - ভূপালৰ বাসিন্দা অঞ্জনা সিং আৰু ফাৰুক জামালে লাভ কৰে পৃথক পৰিচয় পত্ৰ

পোন প্ৰথমবাৰৰ বাবে শনিবাৰে মধ্য়প্ৰদেশৰ ভূপালৰ বাসিন্দা অঞ্জনা সিং আৰু ফাৰুক জামালে লাভ কৰে পৃথক পৰিচয় পত্ৰ । তৃতীয় লিংগৰ ব্য়ক্তিসকলৰ বাবে পৃথক পৰিচয় পত্ৰ প্ৰদান কৰা দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য়ৰ মৰ্যাদা লাভ কৰিলে মধ্য়প্ৰদেশে ।

তৃতীয় লিংগক পৃথক পৰিচয় পত্ৰ প্ৰদান কৰা প্ৰথম ৰাজ্য় মধ্য়প্ৰদেশ
তৃতীয় লিংগক পৃথক পৰিচয় পত্ৰ প্ৰদান কৰা প্ৰথম ৰাজ্য় মধ্য়প্ৰদেশ

By

Published : Jan 10, 2021, 4:29 PM IST

নিউজ ডেস্ক , ১০ জানুৱাৰী :দেশত তৃতীয় লিংগৰ ব্য়ক্তিসকলে বিভিন্ন সময়ত তেওঁলোকৰ অধিকাৰৰ বাবে মাত মাতি আহিছে । বহু সময়ত ভিন্ন দাবীলৈ তেওঁলোক ৰাজপথলৈও ওলাই অহা দেখা যায় । কিন্তু বিগত বছৰত কেন্দ্ৰীয় চৰকাৰে তৃতীয় লিংগৰ ব্য়ক্তিসকলৰ বাবে পৃথক পৰিচয় পত্ৰ দিয়াৰ সিদ্ধান্ত লৈছিল । ভাৰতৰ সামাজিক ন্য়ায় আৰু সবলীকৰণ মন্ত্ৰী থাৱাৰ চাণ্ড গেহলোটে বিগত বছৰৰ ২৫ নৱেম্বৰত উদ্ধোধন কৰিছিল পৰিচয় পত্ৰ প্ৰদানৰ বাবে এটা বিশেষ প’ৰ্টেল । তাৰ পিছতে বিভিন্ন ৰাজ্য়ত আৰম্ভ হৈছিল পৰিচয় পত্ৰ প্ৰদানৰ বিশেষ প্ৰক্ৰিয়া ।

ইয়াৰ পিছতে পোন প্ৰথমবাৰৰ বাবে শনিবাৰে মধ্য়প্ৰদেশৰ ভূপালৰ বাসিন্দা অঞ্জনা সিং আৰু ফাৰুক জামালে বিশেষ প’ৰ্টেলটোৰ জৰিয়তে লাভ কৰে পৃথক পৰিচয় পত্ৰ । ইয়াৰ লগে লগে তৃতীয় লিংগৰ ব্য়ক্তিসকলৰ বাবে পৃথক পৰিচয় পত্ৰ প্ৰদান কৰা দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য়ৰ মৰ্যাদা লাভ কৰিলে মধ্য়প্ৰদেশে । তথ্য় অনুসৰি দেশৰ কোনো ৰাজ্য়তে এতিয়ালৈ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ বাহিৰে তৃতীয় লিংগক পৃথক পৰিচয় পত্ৰ দিয়া নাই ।

আনফালে মন্ত্ৰী থাৱাৰ চাণ্ড গেহলোটে বিশেষ প’ৰ্টেলটো উদ্ধোধন কৰি কৈছিল যে ডিজিটেল পদ্ধতিৰে পৰিচয় পত্ৰ আবেদন প্ৰক্ৰিয়াৰ দ্বাৰা তৃতীয় লিংগৰ লোকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্য়াৰ পৰা ৰেহাই পাব লগতে বিনা সংকোচে আবেদন কৰিব পাৰিব । পৰ্টেলটোত উল্লেখ থকা মতে আবেদনৰ পিছতে নিৰ্দিষ্ট সময়ৰ ভিতৰত বিষয়া সকলে পৰিচয় পত্ৰ চূড়ান্ত কৰিব লাগিব অন্য়থা আবেদনকাৰীয়ে প’ৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰিবও পাৰিব ।

লগতে পঢ়ক :শ্ৰীলংকাৰ নৌসেনাৰ হাতত গ্ৰেপ্তাৰ ৯ ভাৰতীয় মাছমৰীয়া

ABOUT THE AUTHOR

...view details