অসম

assam

By

Published : Jan 7, 2021, 2:50 PM IST

ETV Bharat / bharat

দাক্ষিণাত্য়ৰ পৰা মধ্য় প্ৰদেশলৈ নিষিদ্ধ কুকুৰাৰ আমদানি

অহা ১০ দিনলৈ ৰাজ্য়খনলৈ কেৰালা আৰু দাক্ষিণাত্য়ৰ ৰাজ্য়সমূহৰ পৰা কুকুৰাৰ আমদানি বন্ধ কৰি দিয়া হৈছে । কেৰেলা, কৰ্ণাটক আদি ৰাজ্য়ত কুকুৰাৰ দেহত এভিয়ান ইনফ্লুয়েঞ্জা বা 'বাৰ্ড ফ্লুৰ অৱস্থিতি ধৰা পৰাৰ পিছতে এই সিদ্ধান্ত ৰাজ্য় চৰকাৰখনৰ ।

দাক্ষিণাত্য়ৰ পৰা মধ্য় প্ৰদেশলৈ নিষিদ্ধ কুকুৰাৰ আমদানি
দাক্ষিণাত্য়ৰ পৰা মধ্য় প্ৰদেশলৈ নিষিদ্ধ কুকুৰাৰ আমদানি

নিউজ ডেস্ক , ৭ জানুৱাৰী :দেশৰ ভিন্ন প্ৰান্তত পুনৰ কুকুৰাৰ দেহত ধৰা পৰিছে এভিয়ান ইনফ্লুয়েঞ্জা বা 'বাৰ্ড ফ্লু'ৰ অৱস্থিতি । কেৰেলা, কৰ্ণাটক আদি ৰাজ্য়ত ইতিমধ্য়ে ব্য়ৱস্থা গ্ৰহণ কৰিছে ৰাজ্য় চৰকাৰ সমূহে । কুকুৰা বা হাঁহ আদিত এই ৰোগ ধৰা পৰাৰ পিছতে মাৰি পুতি পেলোৱাৰ ব্য়ৱস্থাও গ্ৰহণ কৰা হৈছে । ইয়াৰ মাজতে মধ্য় প্ৰদেশত যথেষ্ট পৰিমাণে কাউৰীৰ মৃত্য়ুত এতিয়া চিন্তিত হৈছে ৰাজ্য় চৰকাৰখন । ৰাজ্য়খনৰ ইণ্ডোৰ, মণ্ডচাউৰ আদি বিভিন্ন স্থানত যথেষ্ট পৰিমাণে কাউৰীৰ মৃত্য়ু হোৱাৰ পিছতে মুখ্য়মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । আগন্তুক ১০ দিনলৈ ৰাজ্য়খনলৈ কেৰালা আৰু দাক্ষিণাত্য়ৰ ৰাজ্য়সমূহৰ পৰা কুকুৰাৰ আমদানি বন্ধ কৰি দিয়া হৈছে ।

মধ্য়প্ৰদেশত অসংখ্য় কাউৰীৰ মৃত্য়ু

মধ্য় প্ৰদেশৰ মুখ্য়মন্ত্ৰী শিৱৰাজ সিং চৌহানে সংবাদমাধ্য়মক জনোৱা মতে ইতিমধ্য়ে ৰাজ্য়খনৰ সীমান্তৱৰ্তী জিলাসমূহলৈ চৰকাৰে কুকুৰাৰ আমদানি বন্ধৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে । কেৰালা আৰু দাক্ষিণাত্য়ৰ ৰাজ্য়সমূহৰ কুকুৰাৰ দেহত 'বাৰ্ড ফ্লু'ৰ অৱস্থিতি ধৰা পৰাৰ পিছতে এই সিদ্ধান্ত লোৱাৰ কথা স্বীকাৰ কৰিলে মুখ্য়মন্ত্ৰী গৰাকীয়ে । লগতে 'বাৰ্ড ফ্লু'ৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য় ৰাখি আগতীয়াকৈ দাক্ষিণাত্য়ৰ ৰাজ্য়সমূহৰ পৰা মধ্য় প্ৰদেশলৈ কুকুৰাৰ আমদানি বন্ধ কৰি দিয়াৰ কথা জনালে ৰাজ্য় চৰকাৰে ।

মধ্য়প্ৰদেশত অসংখ্য় কাউৰীৰ মৃত্য়ু

কিন্তু ৰাজ্য়খনত কাউৰীৰ মৃত্য়ুকলৈ চিন্তাৰ প্ৰয়োজন নাই বুলি নিশ্চিত কৰিলে মুখ্য়মন্ত্ৰী গৰাকীয়ে । ভূপালত শীৰ্ষ বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হোৱা পিছতে মুখ্য়মন্ত্ৰী গৰাকীয়ে কয় যে 'বাৰ্ড ফ্লু'ৰ কিছুু লক্ষণ কাউৰী আৰু আন এভিয়ান প্ৰজাতিৰ চৰাইৰ দেহত পোৱা গৈছিল যদিও এতিয়ালৈ কুকুৰাৰ দেহলৈ সংক্ৰমণ হোৱা নাই ।

ইতিমধ্য়ে ৰাজ্য়ৰ পশু-পক্ষী ফাৰ্মৰ গৰাকীসকলৰ সৈতে আলোচনা কৰি 'বাৰ্ড ফ্লু' প্ৰতিৰোধৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিখন জিলাৰ উপায়ুক্তকে নিৰ্দেশ দিছে মুখ্য়মন্ত্ৰীয়ে । লগতে মধ্য় প্ৰদেশৰ ফাৰ্ম সমূহে ৰোগ প্ৰতিৰোধৰ সম্পূৰ্ণ নীতি নিয়ম পালন কৰিব লাগিব বুলিও জনালে মুখ্য়মন্ত্ৰী শিৱৰাজ সিং চৌহানে । ৰাজ্য়ৰ বিভিন্ন স্থানত পক্ষীৰ মৃত্য়ুৰ পিছতে পশুপালন বিভাগক ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ ব্য়ৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে ৰাজ্য় চৰকাৰখনে ।

লগতে পঢ়ক :পি এম কিষাণ' আঁচনি ৰূপায়নৰ বাবে অনুমতি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details