নিউজ ডেস্ক , ১০ জানুৱাৰী : দেশৰ ৰাজনীতিৰ বাবে এক দুখৰ খবৰ । গুজৰাটৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা তথা ৰাজ্য়খনৰ ৪ বাৰকৈ মুখ্য়মন্ত্ৰীৰ আসন অলংকৃত কৰা মাধবসিংহ সোলাংকি আৰু নাই । ৯৪ বছৰ বয়সত গান্ধীনগৰৰ বাসগৃহত শনিবাৰে মৃত্য়ু হয় প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীৰ । তেওঁৰ মৃ্ত্য়ুৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্য়ৰ তেওঁৰ সমৰ্থক লগতে কংগ্ৰেছ দলত শোকৰ ছাঁ পৰা দেখা গৈছে । কিয়নো ৰাজ্য়খনৰ বাবে তেওঁৰ যি অৱদান আছে সেয়া ৰাজ্য়বাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে ।
উল্লেখ যে গুজৰাটৰ ভৰুচ জিলাৰ পিলুদ্ৰ গাৱৰ এটা সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰা সোলাংকিয়ে ৰাজনীতিলৈ অহাৰ পূৰ্বে "গুজৰাট সমাচাৰ"ত সাংবাদিক হিচাবে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে । পৰৱৰ্তী সময়ত তেওঁ ১৯৭৫ চনত গুজৰাট কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয় আৰু ১৯৭৬ চনৰ ২৪ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰীৰ আসনত বহে । ইয়াৰ পিছত তেওঁ ১৯৭৭ চনৰ ১০ এপ্ৰিলত পদত্য়াগ কৰে যদিও পুনৰ ১৯৮০ চনত মুখ্য়মন্ত্ৰী হিচাপে নিৰ্বাচিত হয় । চাৰিবাৰকৈ মুখ্য়মন্ত্ৰীৰ আসনত বহাৰ উপৰিও সোলাংকি দুবাৰকৈ গুজৰাটৰ পৰা ৰাজ্য়সভাৰ সাংসদও আছিল ।
সোলাংকিয়ে ক্ষত্ৰীয়, হৰিজন, আদিবাসী আৰু মুছলমান ভোটাৰৰ যথেষ্ট সমৰ্থন লাভ কৰিছিল যাক কেএইচএএম সূত্ৰ হিচাপে দেশজুৰি বৰ্তমানেও চৰ্চিত । যাৰ বাবে ১৯৮৫ চনত কংগ্ৰেছ দলে বৃহৎ সফলতা লাভ কৰিছিল । জীৱনত তেওঁ যথেষ্ট সফলতা অৰ্জন কৰাৰ লগতে বহু গুৰুত্বপূৰ্ণ দায়িত্বও লৈছে ৷ তাৰ ভিতৰত বিদেশ পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব অন্যতম আছিল ।