অসম

assam

ETV Bharat / bharat

Lung transplant in Kolkata: 16 বছৰীয়া কিশোৰৰ দেহত সংৰোপণ কৰা হ’ল মগজুমৃত ব্যক্তিৰ হাঁওফাওঁ - Medica Superspecialty Hospital

এজন 14 বছৰীয়া কিশোৰৰ হাঁওফাঁও সংৰোপন সফলতাৰে সম্পন্ন হ’ল কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৷ এজন মগজুমৃত ব্যক্তিৰ হাঁওফাঁও সংৰোপণ কৰা হ’ল কিশোৰজনৰ দেহত ৷

Lung transplant in Kolkata
Lung transplant in Kolkata

By

Published : Jul 1, 2023, 10:07 PM IST

নেশ্যনেল ডেস্ক, 1 জুলাই: কলকাতাৰ এখন চিকিৎসালয়ত সফলভাৱে সম্পন্ন হ’ল এক জটিল অস্ত্ৰোপচাৰ ৷ ওড়িশাৰ এগৰাকী মগজুমৃত ব্যক্তিয়ে দান কৰা অংগ ব্যৱহাৰ কৰি এজন কিশোৰৰ হাঁওফাঁও সংৰোপণ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হয় ৷

কলিকতাৰ মেডিকা চুপাৰস্পেচিয়েলিটি নামৰ চিকিৎসালয়ত সম্পন্ন কৰা হয় এই অস্ত্ৰোপচাৰ ৷ উল্লেখ্য যে চিকিৎলায়খনত বিগত মে’ মাহত কীটনাশক সেৱন কৰা এজন 16 বছৰীয়া কিশোৰক ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসকৰ পৰীক্ষাৰ অন্তত এই কথা পোহৰলৈ আহে যে স্বপ্নিল বিশ্বাস নামৰ কিশোৰজনৰ হাঁওফাঁও সংৰোপণ কৰিব লাগিব ৷ অৱশেষত ওড়িশাৰ এজন মগজুমৃত ব্যক্তিৰ হাঁওফাঁও সফলতাৰে সংৰোপণ কৰা হয় কিশোৰজনৰ দেহত ৷

জানিব পৰা মতে দুৰ্ঘটনাক্ৰমে দশম শ্ৰেণীৰ স্বপ্নিল বিশ্বাস নামৰ কিশোৰজনে ক’ল্ড ড্ৰিংকছৰ বটলত ৰখা এবিধ কীটনামশক সেৱন কৰিছিল ৷ ইয়াৰ পাচতেই শ্বাস-প্ৰশ্বাসৰ সমস্যা আৰম্ভ হোৱাৰত স্বপ্নিলক প্ৰথমে উত্তৰ 24 পৰগণাৰ এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে কিশোৰজনক মেডিকা চুপাৰস্পেচিয়েলিটি নামৰ চিকিৎসালয়খনলৈ প্ৰেৰণ কৰা হয় ৷ চিকিৎসকে সদৰী কৰা অনুসৰি কিশোৰজনৰ হাঁওফাঁওত ফুটাৰ সৃষ্টি হৈছিল ৷

উল্লেখ্য যে কিশোৰজনক একেৰাহে 37 দিন ধৰি কৃত্ৰিম হাঁওফাঁও বা ইচিএমঅ’ৰ সহায়ত অৱস্থাত জীৱিত ৰখা হৈছিল ৷ ইফালে দুৰ্ঘটনাত পতিত হোৱা ওড়িশাৰ এজন ব্যক্তিৰ মগজুৰ মৃত্যু হোৱা খবৰ লাভ কৰাৰ পাচতেই চিকিৎসকৰ দলে ওড়িশালৈ গৈ তেওঁৰ হাঁওফাঁও সংগ্ৰহ কৰে আৰু অৱশেষত বিগত শনিবাৰে এই অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয় ৷ উল্লেখ কৰা প্ৰয়োজন যে এই অস্ত্ৰোপচাৰৰ সমগ্ৰ ব্যয় বহন কৰিছিল পশ্চিমবংগ চৰকাৰে ৷

লগতে পঢ়ক : Buldhana mishap : বুলধানাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details