নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : ঝাৰখণ্ডৰ কেইবাখনো জিলাত লাম্পী ভাইৰাছৰ সংক্ৰমণ হৈছে । ইয়াৰ ফলত এহাজাৰৰো অধিক গৰুৰ মৃত্যু হৈছে । এই ভাইৰাছে বিগত এটা সপ্তাহত চাত্ৰা, গড়ৱা, পালামু, লাতেহাৰ, চাহিবগঞ্জ, গোড্ডা, দুমকা, গুমলা, ৰামগড়, হাজাৰিবাগ আদি জিলাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ।
তৃণমূল পৰ্যায়ৰ পৰা লাভ কৰা তথ্যই প্ৰকাশ কৰিছে যে এই মাৰাত্মক ভাইৰাছৰ ফলত হাজাৰোধিক গৰুৰ মৃত্যু হৈছে । ৰাজ্যখনত খৰাং পৰিস্থিতিৰ মাজতে পশুধনৰ এই মৃত্যুৰ ঘটনা ঘটিছে । যাৰ ফলত কৃষক আৰু পশুপালনকাৰীসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । উল্লেখ্য যে গৰুৰ ক্ষেত্ৰত প্ৰচলিত লাম্পী ভাইৰাছ সদৃশ লক্ষণবোৰ চিনাক্ত কৰাৰ পিছত ৰাজ্যখনৰ পশুপালন বিভাগে কৃষকসকলক সাৱধানতামূলক পদক্ষেপ ল'বলৈ নিৰ্দেশনা জাৰি কৰিছে । বিভাগটোৱে গৰুৰ ক্ষেত্ৰত অত্যন্ত সংক্ৰামক ৰোগবিধৰ অধিক বিস্তাৰ প্ৰতিহত কৰিবলৈ টীকাকৰণ অভিযান চলাই আছে ।