নেশ্যনেল ডেস্ক, ২৮ ডিচেম্বৰ: যোৱা ২৩ ডিচেম্বৰত পঞ্জাৱৰ লুধিয়ানা আদালতৰ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড জচবিন্দৰ সিং মুলতানী জাৰ্মানীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে(Jaswinder Singh Multani arrested in Germany) । জচবিন্দৰ সিং মুলতানী নিষিদ্ধ ঘোষিত 'Sikh for justice' সংগঠনৰ সক্ৰিয় সদস্য । লুধিয়ানা আদালতৰ বিস্ফোৰণৰ মূল অভিযুক্ত হিচাপে আৰক্ষীয়ে সন্দেহ কৰিছে মুলতানীক । এই বিস্ফোৰণত এজন লোক নিহত হোৱাৰ বিপৰীতে ৬ জন লোক আহত হৈছিল(Ludhiana Court Blasts) ।
বাৰ্লিনত থকা সন্ত্ৰাসবাদ বিৰোধী সংস্থাসমূহৰ সৈতে ভাৰতে বিস্ফোৰণৰ ঘটনাৰ প্ৰমাণ শ্বেয়াৰ কৰাৰ পিছত মুলতানীক গ্ৰেপ্তাৰ কৰা হয় । তদন্তকাৰী বিষয়াই এই বিস্ফোৰণৰে দুজন লোক জড়িত থকাৰ সন্দেহ কৰিছিল আৰু দুয়োজন একেটা সন্ত্ৰাসবাদী সংগঠনৰে । প্ৰাপ্ত তথ্য অনুসৰি, চোৰাংচোৱা সংস্থাবোৰে সন্দেহযুক্ত লোক দুজন জাৰ্মানী অথবা পাকিস্তানত থকা সন্দেহ কৰিছিল আৰু সেই অনুসৰি অভিযানৰ পৰিকল্পনা কৰা হৈছিল । ভাৰতৰ আৰক্ষীৰ সহযোগিতাত জাৰ্মান আৰক্ষীয়ে সোমবাৰে আৰফুৰ্ট চহৰৰ পৰা মুলতানীক গ্ৰেপ্তাৰ কৰে ।
চোৰাংচোৱা সংস্থাই ইতিমধ্যে অভিযুক্তজনৰ বিষয়ে সতৰ্ক কৰি দিছিল । নিষিদ্ধ ঘোষিত 'Sikh for justice' সংগঠনৰ সক্ৰিয় সদস্য জচবিন্দৰ সিং মুলতানী জাৰ্মানীত বাস কৰা গুৰপতৱন্ত সিং পান্নুৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে ।