নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ: পুনৰ মূৰ দাঙি উঠিবলৈ যো-জা চলাইছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক বোমাৰে হত্যা কৰা সন্ত্ৰাসবাদী সংগঠন এলটিটিই ৷ ভাৰতে শ্ৰীলংকাৰ কৰ্তৃপক্ষক শেহতীয়াকৈ অৱগত কৰা চোৰাংচোৱা তথ্যৰ পৰা অনুমান কৰিব পাৰি যে লিবাৰেশ্যন টাইগাৰছ অৱ তামিল ইলাম (এলটিটিই) এ সকলো সহানুভূতিশীল লোকক একত্ৰিত কৰি পুনৰ একগোট হোৱাৰ চেষ্টা কৰিছে ।
ভাৰতৰ প্ৰধান সন্ত্ৰাসবাদ বিৰোধী সংস্থা (এন আই এ)ৰ মতে, উত্তৰ-পূব শ্ৰীলংকাত ভিত্তি কৰি থকা নিষিদ্ধ তামিল উগ্ৰপন্থী সংগঠনটোক পুনৰুজ্জীৱিত কৰাৰ বাবে ধন সংগ্ৰহৰ উদ্দেশ্যে এল টি টি ইৰ কেইবাজনো সমৰ্থক আৰু লিংকমেনে ড্ৰাগছ বেপাৰী হিচাপে কাম কৰি আহিছে ।
‘‘ভাৰতৰ শ্ৰীলংকা আৰু তামিলনাডু দুয়োখন দেশৰ এলটিটিইৰ সমৰ্থকসকলে ধন সংগ্ৰহ কৰি সন্ত্ৰাসবাদী সংগঠনটোক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰি আহিছে । ভাৰত চৰকাৰে শ্ৰীলংকাৰ কৰ্তৃপক্ষক সতৰ্ক কৰি দিছে ।’’ ভাৰতৰ নিৰাপত্তা প্ৰতিষ্ঠানৰ সৈতে কাম কৰা এজন বিষয়াই বৃহস্পতিবাৰে ইটিভি ভাৰতক এইদৰে কয় । আগষ্ট মাহত এন আই এয়ে শ্ৰীলংকা আৰু ভাৰতত এল টি টি ইক পুনৰুজ্জীৱিত কৰিবলৈ ধন সংগ্ৰহৰ বাবে ড্ৰাগছ আৰু অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত এটা গোচৰৰ মূল ষড়যন্ত্ৰকাৰী লিংগম ওৰফে আদি লিংগামক গ্ৰেপ্তাৰ কৰিছিল ।
সংস্থাটোৱে দাবী কৰে যে আদিৰ ঘনিষ্ঠ সম্পৰ্ক আছিল এই গোচৰৰ প্ৰধান সন্দেহযুক্ত গুণচেখৰন ওৰফে গুনাৰ সৈতে ৷ যিয়ে পুষ্পৰাজ ওৰফে পুকুট্টি কান্না আৰু হাজী চেলিম (পাকিস্তানত ভিত্তি কৰি থকা এজন যোগানকাৰী)ৰ সৈতে অবৈধ ড্ৰাগছ আৰু অস্ত্ৰৰ ব্যৱসায় চলাইছিল এল টি টি ইৰ পুনৰুজ্জীৱনৰ বাবে তিৰুচিত শিবিৰ পাতিছিল । ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহে দাবী কৰিছে যে সন্ত্ৰাসবাদী সংগঠনটোক পুনৰুজ্জীৱিত কৰিবলৈ এলটিটিইৰ সমৰ্থকসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহ আৰু সোণৰ সৰবৰাহত জড়িত হৈ পৰিছে ।