নেচনেল ডেস্ক, 27 জানুৱাৰী:1 ফেব্ৰুৱাৰীৰ পৰা লেফটেনেন্ট জেনেৰেল চণ্ডী প্ৰসাদ মোহান্তিয়ে সেনাৰ নতুন উপ প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব ৷ বৰ্তমান দক্ষিণ সেনাত কামাণ্ডাৰ হিচাপে সেৱা আগবঢ়াই থকা মোহান্তিয়ে লেফটেনেন্ট জেনেৰেল এচ কে চাইনীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছতে সেনাৰ উপ প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰিব ৷
ডেৰাডুনৰ ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটেৰী কলেজ (আৰআইএমচি) আৰু নেচনেল ডিফেন্স একাডেমীৰ এগৰাকী প্ৰাক্তন ছাত্ৰ মোহান্তি ৰাজপুট ৰেজিমেন্টৰ জুন 1982 বেট্চৰ এগৰাকী ইনফেন্ট্ৰি অফিচাৰ ৷
সৈনিক হিচাপে তেওঁ নিজ কাৰ্যকালত বিভিন্ন কমাণ্ড আৰু কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত প্ৰশাসনিক আৰু ৰচদ পাতিৰ দিশ সহ বহুকেইটা দিশ পৰিচালনা কৰাৰ ক্ষেত্ৰত জেনেৰেল মোহান্তিৰ যথেষ্ট অভিজ্ঞতা আছে ৷