নিউজ ডেস্ক,20 নৱেম্বৰঃ বিশেষ সূত্ৰৰ পমখেদি জানিব পৰা গৈছে যে, শুকুৰবাৰে 16 কৌৰৰ লেফটেন্ট জেনেৰেল এমভি সুচিন্দ্ৰ কুমাৰে সাক্ষাৎ কৰে জম্মু-কাশ্মীৰৰ লেফটেন্ট গৰ্ৱণৰ মনোজ সিনহাক ৷ জানিব পৰা মতে, জম্মু-কাশ্মীৰত নিয়োজিত দুয়োটা সুৰক্ষা বাহিনী আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ খনৰ সুৰক্ষাৰ বিষয়টোৰ ওপৰত পৰ্যালোচনা কৰে ৷ বিষয়া কেইগৰাকীয়ে উপ-ৰাজ্য পালক সীমান্তৰ আগন্তুক পৰিস্থিতিৰ আৰু কি ব্যৱস্থা গ্ৰহণ কৰে সেই বিষয়ে অৱগত কৰে ৷
লেফটেন্টত জেনেৰেল এম ভি সুচিন্দ্ৰ কুমাৰৰ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালক সাক্ষাৎ - t gen mv suchindra kumar meets
সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু অন্য সুৰক্ষা বাহিনীৰ সৈতে সমন্বয় সৰ্ম্পকে জিঅচিৰ দ্বাৰা জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালক সাক্ষাৎ ৷ উপ-ৰাজ্যপালে সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিয়োজিত সুৰক্ষা বাহিনীৰ সফলতাক শলাগ লয় ৷
লেফটেন্টত জেনেৰেল এম ভি সুচিন্দ্ৰ কুমাৰৰ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালক সাক্ষাৎ
সাক্ষাতৰ অন্তত মনোজ সিনহাই কয় যে, প্ৰশাসনৰ লগত সহযোগিতা কৰি জম্মু-কাশ্মীৰত সুৰক্ষাৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা সমূহ দূৰ কৰিবলৈ সুৰক্ষা বাহিনীয়ে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে ৷