নেশ্যনেল ডেস্ক, 7 অক্টোবৰ:অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত কৰ্তব্যৰত অৱস্থাত এজন সেনা বিষয়া হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় (Army officer dies of heart attack)৷ মহাৰাষ্ট্ৰৰ য়াৱতমাল জিলাৰ মুৰধোনী গাঁৱৰ সুসন্তান লেফটেনেণ্ট কৰ্ণেল বাসুদেৱ দামোদৰ আৱাৰীয়ে (35) (Lt Colonel Vasudev Damodar Awari) যোৱা 4 অক্টোবৰত অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত সাগৰ পৃষ্ঠৰ পৰা ১৬,০০০ ফুট উচ্চতাত কৰ্তব্য পালন কৰি থকা অৱস্থাতে হৃদৰোগত আক্ৰান্ত হয় (Army officer dies on duty at India China border)৷
তেওঁক তৎক্ষণাৎ চিকিৎসাৰ বাবে গুৱাহাটীৰ মিলিটাৰী বেছ হাস্পতাললৈ (Military Base Hospital in Guwahati) স্থানান্তৰিত কৰা হৈছিল যদিও হাস্পতালতে মৃত্যু হয় সেনা বিষয়াগৰাকীৰ ৷ মৃত বিষয়াজনক শুকুৰবাৰে মুৰধোনীত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ৷