নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ: আজি ভাৰতৰ প্ৰথম গৰাকী শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম বাৰ্ষিকী। সেই উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ কেন্দ্ৰীয় কক্ষত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৌলানা আবুল কালাম আজাদৰ জন্ম বাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় কক্ষে ফুল আৰু পোহৰেৰে সজাই তোলা হয়।
জন্ম বাৰ্ষিকীত মৌলানা আবুল কালাম আজাদলৈ শ্ৰদ্ধাঞ্জলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ - ৰাষ্ট্ৰীয় শিক্ষা দিৱস
মৌলানা আবুল কালাম আজাদৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ লগতে উপ ৰাষ্ট্ৰপতি এম ভংকয়া নাইডুৱেও।

জন্ম বাৰ্ষিকীত মৌলানা আবুল কালাম আজাদলৈ শ্ৰদ্ধাঞ্জলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ
ওম বিৰলাই টুইটযোগে কয়, ভাৰত ৰত্নৰে বিভূষিত স্বাধীনতা সংগ্ৰামী তথা ভাৰতৰ প্ৰথম গৰাকী শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদক তেখেতৰ জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাৰে সুঁৱৰিছো। শিক্ষাৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে আপোনাৰ অবদান চিৰ স্মৰণীয়।
ইয়াৰ উপৰিও উপৰাষ্ট্ৰপতি এম ভংকয়া নাইডুৱেও তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে, প্ৰতি বছৰে মৌলানা আবুল কালাম আজাদৰ জন্ম দিৱসটোক ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে সমগ্ৰ দেশতে উদযাপন কৰা হয়।