নেশ্যনেল ডেস্ক, 6 অক্টোবৰ:লোকসভাৰ অধ্যক্ষ ওম বিৰলা সম্প্ৰতি ইণ্ডোনেছিয়া ভ্ৰমণত ব্যস্ত (Om Birla in Indonesia) ৷ এই ভ্ৰমণকালত বৃহস্পতিবাৰে লোকসভাৰ অধ্যক্ষগৰাকীয়ে জাকাৰ্টাত অনুষ্ঠিত হোৱা পি-২০ সন্মিলনত (P20 Summit in Indonesia) অংশগ্ৰহণ কৰি জি-২০ দেশৰ সাংসদসকলৰ সংগঠন 'সংস্কাৰৰ বাবে ক্ষমতাপ্ৰাপ্ত সংসদ'ৰ বিষয়বস্তুৰ ওপৰত আলোচনাত মিলিত হয় (G20 Parliamentary Speakers Summit 2022) ৷
এই সন্মিলনতে লোকসভাৰ অধ্যক্ষগৰাকীয়ে ‘উদীয়মান সমস্যা: খাদ্য আৰু শক্তি সুৰক্ষা আৰু অৰ্থনৈতিক প্ৰত্যাহ্বান' বিষয়ৰ ওপৰত এখন আলোচনাত অংশগ্ৰহণ কৰে ৷ ইফালে, বুধবাৰে বিজয়দশমী উপলক্ষে অধ্যক্ষগৰাকীয়ে বালিৰ বিশ্ব বিখ্যাত উলুৱতু মন্দিৰ পৰিদৰ্শন কৰে (Uluwatu Temple in Bali) । বিখ্যাত উলুৱতু মন্দিৰটো বালিৰ ৯ টা মুখ্য দিশীয় মন্দিৰৰ এটা বুলি জনা যায় ৷