নেশ্যনেল ডেস্ক, 23 মে’:টাউটেৰ বিধ্বংসী ধ্বংসলীলাৰ বিভীষিকা মাৰ নৌযাওঁতেই এইবাৰ পুনৰ সাগৰীয় ঘূৰ্ণীৰ কবলত পৰিছে দেশৰ এটা প্ৰান্ত ৷ এই ঘূৰ্ণী পৰিচিত হৈছে য়াছ হিচাপে ৷ এই ঘূৰ্ণীৰ ফলত শনিবাৰে পুৱা পূৱ-মধ্য বংগোপ সাগৰৰ ওপৰত নিম্ন চাপৰ সৃষ্টি হয় ৷ যি ২৪ মে'ৰ ভিতৰত ঘূৰ্ণী বতাহলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে ৷ শনিবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) এইদৰে সতৰ্কবাণী প্ৰকাশ কৰে ৷
আইএমডিৰ মতে, ই 'অতি তীব্ৰ বেগী ঘূৰ্ণী বতাহ' লৈ ৰূপান্তৰিত হ’লে অধিক বিধ্বংসী হোৱাৰ সম্ভাৱনা আছে ৷ ২৬ মে’ৰ সন্ধিয়াৰ আশে-পাশে পশ্চিমবংগ আৰু কাষৰীয়া উত্তৰ ওড়িশা আৰু বাংলাদেশ উপকূল অতিক্ৰম কৰিব এই ঘূৰ্ণীয়ে ৷
ইতিমধ্যে বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপ ঘূৰ্ণীলৈ ৰূপান্তৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে ৷ কিন্তু ইয়াৰ প্ৰকোপ বৃদ্ধি হ’বলৈ হ’লে ঘূৰ্ণীজাকে উত্তৰ আৰু উত্তৰ-পশ্চিম দিশে গতি কৰিব লাগিব ৷ ২৬ মে’ৰ সন্ধিয়া য়াছে পশ্চিমবংগ আৰু কাষৰীয়া উত্তৰ ওড়িশা আৰু বাংলাদেশৰ উপকূল অতিক্ৰম কৰিব বুলি আইএমডিয়ে এক টুইটযোগে প্ৰকাশ কৰে ৷