গুৱাহাটী, 11 আগষ্ট :মাত্ৰ কেইটামান ঘণ্টাৰ পাচতেই মাতৃভূমিত ভৰি দিব অসম কন্যা লাভলীনা বৰগোঁহায়ে ৷ তাকে লৈ উথপথপ ৰাজ্য ৷ 12 আগষ্ট বৃহস্পতিবাৰে লাভলীনাই পুৱা 9 বজাত আহি গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'ব । বিমানবন্দৰৰ পৰাই সমদল কৰি লাভলীনাক আদৰি অনা হ’ব ।
বিয়লি 3 বজাত শংকৰদেৱ কলাক্ষেত্ৰত এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰি লাভলীনাক ৰাজ্যলৈ প্ৰথমটো অলিম্পিকৰ পদক কঢ়িয়াই অনাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব । টকিঅ' অলিম্পিকত ইতিহাস সৃষ্টি কৰি স্বদেশলৈ অহা লাভলীনা বৰগোঁহাই অৱশেষত মাতৃভূমিত উপস্থিত হ'ব । সোমবাৰে টকিঅ’ৰ পৰা আহি দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত উপস্থিত হোৱা লাভলীনা বৰগোঁহাইৰ সৈতে টকিঅ' অলিম্পিকত পদক লাভ কৰাসকলক দিল্লীৰ হোটেল অশোকত চৰকাৰীভাৱে সম্বৰ্ধনা জনোৱা হয় ।
উল্লেখ্য যে, এইবাৰ টকিঅ’ অলিম্পিকত ভাৰতৰ চাৰিগৰাকী মহিলাকে ধৰি মুঠতে 9 গৰাকী বক্সাৰে প্ৰতিদ্বন্দ্বিতা কৰিলেও বক্সিঙৰ একমাত্ৰ পদকটো অসমৰ লাভলীনা বৰগোঁহাইয়ে অৰ্জন কৰিবলৈ সক্ষম হয় । বক্সিং দলটোক ভাৰতীয় মিডিয়াই অলিম্পিকৰ আগৰে পৰা নৱৰত্ন বুলি অভিহিত কৰিছিল ৷ এইবাৰ বক্সিঙত কেইবাটাও পদক আহিব বুলি বক্সিং ফেডাৰেছন আৰু ভাৰতীয় অলিম্পিক সংস্থা তথা কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ে আশা কৰিছিল ৷
পিছে 6 বাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমকে ধৰি আটাইকেইগৰাকী তাৰকা বক্সাৰ টকিঅ’ৰ ৰিঙত ধৰাশায়ী হোৱাৰ পাছত অসমৰ লাভলীনা বৰগোঁহায়ে অলিম্পিকৰ পৰা একমাত্ৰ পদকটো আনিলে । তাৎপৰ্যপূৰ্ণভাৱে 9 বছৰৰ পাছত দেশলৈ অহা প্ৰথমটো বক্সিঙৰ পদক অসমৰ বাবে হৈ পৰিছে আপুৰুগীয়া । কিয়নো ইয়াৰ পূৰ্বে কোনো অসমীয়া খেলুৱৈয়ে অলিম্পিকৰ পদক স্পৰ্শ কৰিব পৰা নাছিল ।