স্পৰ্টছ ডেস্ক, 4 আগষ্ট: বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত(Commonwealth Games 2022) অসমৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ জীয়ৰী নয়নমণি শইকীয়াই স্বৰ্ণ পদক লাভ কৰাৰ পিছতেই ৰাজ্যবাসীয়ে দৃষ্টি নিবদ্ধ কৰিছিল লাভলীনা বৰগোহাঁইৰ ওপৰত ৷ বুধবাৰে ৱেলছৰ বক্সাৰ ৰ’জী ইকলেজৰ বিপক্ষে ৰিঙত নামিছিল অলিম্পিকত ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোঁহাইয়ে ৷
দুৰ্ভাগ্যৱশতঃ বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে লাভলীনাই ৷ ৰোজি একলেছ অৱ ৱেলছৰ আউট-পাঞ্চত কোৱাৰ্টাৰ ফাইনেল অতিক্ৰম কৰিবলৈ ব্যৰ্থ হয় লাভলীনাই ৷