অসম

assam

ETV Bharat / bharat

Youth attempt to suicide: প্ৰেমিকাৰ প্ৰতাৰণা সহিব নোৱাৰি প্ৰেমিকে কাটিলে নিজৰ ডিঙি

প্ৰেমত অভিমান কোনো ডাঙৰ কথা নহয় ৷ অভিমানে প্ৰেম শুৱনি কৰে, ইয়াৰ মাদকতা বৃদ্ধি কৰে আৰু প্ৰেম গাঢ় কৰে ৷ কিন্তু প্ৰেমত প্ৰতাৰিত হ’লে হৃদয় ভাঙি থান-বান হয় ৷ সেই বেদনা সহ্য কৰাতো সকলোৰে পক্ষে সম্ভৱ নহয় ৷ সেয়ে বহুতেই প্ৰেমত প্ৰতাৰিত হ’লে নিজকে মৃত্যুৰ মুখলৈও ঠেলি দিয়ে (lover commits suicide)৷

By

Published : Nov 9, 2022, 4:53 PM IST

Youth attempt to suicide
Youth attempt to suicide

নিউজ ডেস্ক, 9 নৱেম্বৰ: প্ৰেম, দুটা আখৰৰ এটা মিঠা শব্দ ৷ প্ৰেম হৈছে এক শক্তি ৷ সাহস, প্ৰেৰণা, আশা আদি জীয়াই থকাৰ অজুত কাৰণ লুকাই থাকে প্ৰেমত ৷ প্ৰেমৰ বাবেই বহুতে পাহাৰ ভাঙি সুগম পথ নিৰ্মাণ কৰিবও পাৰে ৷ কিন্তু প্ৰেমৰ বাবেই আন বহুতে আকৌ নিজৰ জীৱনো শেষ কৰি দিয়াৰ উদাহৰণ আছে ৷ সেয়ে হয়তো প্ৰেম অন্ধ বুলি কোৱা হয় ৷

প্ৰেমত অভিমান কোনো ডাঙৰ কথা নহয় ৷ অভিমানে প্ৰেম শুৱনি কৰে, ইয়াৰ মাদকতা বৃদ্ধি কৰে আৰু প্ৰেম গাঢ় কৰে ৷ কিন্তু প্ৰেমত প্ৰতাৰিত হ’লে হৃদয় ভাঙি থান-বান হয় ৷ সেই বেদনা সহ্য কৰাতো সকলোৰে পক্ষে সম্ভৱ নহয় ৷ সেয়ে বহুতেই প্ৰেমত প্ৰতাৰিত হ’লে নিজকে মৃত্যুৰ মুখলৈও ঠেলি দিয়ে ৷

উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ শৈলেশৰো একেই হ’ল (Lover commits suicide) ৷ উত্তৰ প্ৰদেশৰ পৰা হায়দৰাবাদলৈ কৰ্মৰ সন্ধানত অহা শৈলেশৰ আছিল এগৰাকী প্ৰেমিকা ৷ কিন্তু শৈলেশ হায়দৰাবাদলৈ অহাৰ পাচতেই প্ৰেমিকাৰ বিয়া ঠিক হয় আন এগৰাকী যুৱকৰ সৈতে ৷ ইফালে হায়দৰাবাদৰ পৰা শৈলেশে বাৰম্বাৰ ফোন কৰাৰ পাচতো ফোন ৰিছিভ নকৰা হ’ল প্ৰেয়সীয়ে ৷

উপায়হীন হৈ পৰিল শৈলেশ ৷ কি কৰিব ? প্ৰাণোধিক ভালপোৱা প্ৰেয়সীয়ে এইদৰে প্ৰতাৰণা কৰিব বুলি সি কল্পনাই কৰা নাছিল ৷ তাইক সুখত ৰখাৰ আশা লৈয়েই হায়দৰাবাদলৈ কামৰ সন্ধানত আহিছিল শৈলেশ ৷ কিন্তু নুবুজিলে প্ৰেমিকাই (Uttar Pradesh crime news) ৷

শেষত নিজকে শেষ কৰি পেলোৱাৰ সিদ্ধান্ত ল’লে শৈলেশে ৷ ঘৰত গৈ থকা যুৱকজনে প্ৰথমে ফেচবুকত প্ৰতাৰণাৰ বিষাদভৰা পোষ্ট ৷ তাৰ পাচত এটা লাইভ ৷ লাইভত নিজৰ প্ৰেম প্ৰতাৰণাৰ কাহিনী বৰ্ণনাৰ মাজতেই এটা গ্লেণ্ডাৰ মেচিনেৰে নিজৰ ডিঙি ৰেপি দিয়ে (Lover commits suicide on Facebook live) ৷ লাইভ চাই থকা শৈলেশৰ এজন বন্ধুৱে ততাতৈয়াকৈ খবৰ দিয়ে পৰিয়ালক ৷ পৰিয়ালৰ লোকে যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰে ৷ বৰ্তমান যুৱকজনৰ অৱস্থা সংকটজনক ৷

লগতে পঢ়ক:Fight for Briyani : বিৰিয়ানিৰ বাবে কাজিয়া, জ্বলি মৰিল দম্পতি !

ABOUT THE AUTHOR

...view details