অসম

assam

ETV Bharat / bharat

Love jihad in Assam: লাভ জিহাদৰ বলি অসমৰ যুৱতীয়ে ন্যায় বিচাৰি দ্বাৰস্থ হ’ল উত্তৰ প্ৰদেশৰ আদালতৰ

পোহৰলৈ আহিছে লাভ জিহাদৰ আন এটা ঘটনা ৷ ঘটনাটো উত্তৰ প্ৰদেশৰ (Assam girl reached Amroha) ৷ অৱশ্যে এই ঘটনাৰ লগত সাঙোৰ খাইছে অসমৰ নাম ৷ কিন্তু কেনেকৈ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

By

Published : Feb 2, 2023, 10:07 AM IST

Updated : Feb 2, 2023, 12:10 PM IST

Love jihad Amroha Hindu girl from Assam marriage by hiding religion
লাভ জিহাদৰ এটা ঘটনা

পুনৰ লাভ জিহাদৰ আন এটা ঘটনা

নেশ্যনেল ডেস্ক, 2 ফেব্ৰুৱাৰী: উত্তৰ প্ৰদেশৰ অমৰোহা জিলাস্থিত এখন আৰক্ষী থানাত এগৰাকী যুৱতী (Assam girl reached Amroha) ৷ প্ৰৱঞ্চনাৰ বলি যুৱতীগৰাকীক ন্যায় লাগে ৷ পিছে কেনে প্ৰৱঞ্চনাৰ বলি হ’ল যুৱতীগৰাকী আৰু কোনে কৰিলে প্ৰৱঞ্চনা ?

প্ৰতিবেদনটি পঢ়াৰ আগতে আমি ঘূৰি যাব লাগিব প্ৰায় তিনি বছৰ পুৰণি এটা প্ৰেম কাহিনীৰ মাজলৈ ৷ চাকৰি কৰাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ পৰা গুৱাহাটীলৈ আহি এটা স্ক্ৰেপৰ কাৰখানাত যোগদান কৰিলে সন্দীপ নামৰ এজন যুৱকে ৷ কাম কৰা সেই একেটা কাৰখানাতে কৰ্মৰত এগৰাকী যুৱতীৰ লগত প্ৰথমে সন্দীপৰ পৰিচয় আৰু পাছত দুয়োৰে প্ৰেম ৷ প্ৰেমৰ জালত আৱদ্ধ যুৱতীয়ে অৱশেষত সন্দীপৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল ৷

বিহাৰৰ পাটনাত অগ্নিক সাক্ষী কৰি সন্দীপে যুৱতীক কৰিলে বিবাহ ৷ তিনি বছৰত দুয়োৰে মাজলৈ আহিলে এটাৰ পাছত এটাকৈ মুঠ তিনিটা সন্তান (Love jihad in Assam) ৷ ইমানলৈ সকলো ঠিকেই আছিল ৷ হঠাৎ সন্ধান নোহোৱা হ’ল সন্দীপৰ ৷ পত্নীক এৰি পলায়ন কৰিলে সন্দীপে ৷ মূৰত সৰগ ভাঙি পৰিল তিনি সন্তানৰ মাতৃ তথা সন্দীপৰ পত্নীৰ ৷

এতিয়া আহো মূল ঘটনাৰ মাজলৈ ৷ উত্তৰ প্ৰদেশৰ আমৰোহা জিলাস্থিত এখন আৰক্ষী থানাত অসমৰ হিন্দু সম্প্ৰদায়ৰ এগৰাকী যুৱতীয়ে এজন যুৱকৰ বিৰুদ্ধে প্ৰতাৰণাৰ এটা গোচৰ ৰুজু কৰিছে ৷ বুধবাৰে আমৰোহাত উপস্থিত হোৱা যুৱতীগৰাকীয়ে আৰক্ষী থানাত ৰুজু কৰা গোচৰ অনুসৰি, ডেহাটা আৰক্ষী থানাৰ অন্তৰ্গত জাকিৰ নামৰ এজন যুৱকে নিজৰ ধৰ্মৰ প্ৰকৃত পৰিচয় লুকুৱাই যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাই গোপনে বিয়া কৰাইছিল ৷

তিনি বছৰ একেলগে থকাৰ অন্তত কিছুদিন পূৰ্বে জাকিৰ নামৰ যুৱকজনে অৱশেষত নিজৰ ঘৰলৈ পলায়ন কৰিছে ৷ যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি জাকিৰৰ সন্ধান বিচাৰি তেওঁ আহি আমৰোহা পাইছেহি । ভুক্তভোগী যুৱতীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, ১৫ দিন পূৰ্বে জাকিৰে তেওঁক ধৰ্মান্তৰিত কৰিবলৈ হেচা প্ৰয়োগ কৰিছিল (Hindu girl from Assam)। কিন্তু তেওঁ ধৰ্মান্তৰিত হ’বলৈ অস্বীকাৰ কৰে । ইয়াৰ পিছতে জাকিৰে যুৱতীগৰাকী আৰু তেওঁৰ সন্তানক অকলে এৰি পলাই যায় ।

জাকিৰৰ সন্ধানত বহু বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান নাপালে । ইয়াৰ পিছত জাকিৰে কৰ্মৰত হৈ থকা ফেক্টৰীটোলৈ গৈ খবৰ লোৱাত তাৰ প্ৰকৃত ঠিকনা উত্তৰ প্ৰদেশৰ আমৰোহাত বুলি নিশ্চিত হয় । ইয়াৰ পিছত ভুক্তভোগী যুৱতীগৰাকীয়ে জাকিৰৰ সন্ধানত আহি আমৰোহা পালেহি (Amroha Hindu girl from Assam) ।

আমৰোহাৰ নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় কুমাৰ ৰাণাই জনোৱা মতে, যুৱকজনৰ সন্ধানৰ সময়তহে তেওঁ গম পাইছিল যে যুৱকজন প্ৰকৃততে সন্দীপ নহয়, জাকিৰহে তাৰ আচল নাম । আৰক্ষী বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰা মতে, জাকিৰে ৩ বছৰ পূৰ্বে চাকৰিৰ বাবে অসমলৈ গৈছিল আৰু গুৱাহাটীত ভুক্তভোগী যুৱতীৰ সৈতে জাকিৰে স্ক্ৰেপ প্লেট বনোৱা এটা কাৰখানাত কাম কৰিছিল (Love Jihad Amroha Hindu girl) ৷

তেতিয়াই সি ভুক্তভোগী যুৱতীগৰাকীক লগ পাই আৰু পৰৱৰ্তী সময়ত নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই যুৱতীগৰাকীক নিজৰ প্ৰেমৰ জালত আবদ্ধ কৰে । জাকিৰে প্ৰকৃত পৰিচয় লুকুৱাই নিজকে এজন হিন্দু যুৱক সন্দীপ বুলি পৰিচয় দিয়ে । ইয়াৰ পিছত অভিযুক্তই পাটনাত হিন্দু ৰীতি-নীতি অনুসৰি যুৱতীগৰাকীক বিয়া কৰায় ।

দুয়োৰে বিয়াৰ ৩ বছৰ পাৰ হোৱাৰ লগতে বৰ্তমান তেওঁ ৩টা সন্তানৰ মাতৃ । ভাৰপ্ৰাপ্ত বিষয়া বিজয় কুমাৰ ৰাণাই জানিবলৈ দিয়া মতে, যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে । লগতে তেওঁৰ বক্তব্য আদালতত ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে ।

লগতে পঢ়ক:Superstition in Guwahati: শ্মশানত পূজা কৰি থাকোতেই ৰাইজে হাতে লোটে ধৰিলে তান্ত্ৰিক, জ্যোতিষীক

Last Updated : Feb 2, 2023, 12:10 PM IST

ABOUT THE AUTHOR

...view details