নেশ্যনেল ডেস্ক, ২৪ জুলাই :ঝাৰখণ্ডত পুনৰ লাভ জিহাদৰ ঘটনা । ধৰ্মৰ নামত প্ৰৱঞ্চনা কৰি হিন্দু যুৱতীক যৌন নিৰ্যাতন এজন যুৱকৰ (Hindu girl sexually assaulted by youth)। ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী যুৱতী । এই ঘটনা ঝাৰখণ্ডৰ চিমডেগা জিলাৰ (Rape case in Jharkhand)। নাইম মিয়া নামৰ এজন যুৱকে নিজকে হিন্দু বুলি পৰিচয় দি এগৰাকী হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল । বিবাহৰ প্ৰলোভন দি যুৱতীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্কও গঢ়ি তুলিছিল । কেৱল এয়াই নহয় অভিযুক্তই প্ৰেমিকাৰ নাবালক ভনীয়েককো ধৰ্ষণ কৰিছিল (Man raped her girlfriends minor sister) আৰু ভিডিঅ' বনাই দুয়োগৰাকী ভগ্নীক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল ।
মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জনোৱা মতে নাইম মিয়া থেথাইটাংগাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাত্ৰামেটা গাঁৱৰ বাসিন্দা । মিয়াই নাম সলনি কৰি এজন হিন্দু যুৱকৰ নাম লৈ যোৱা পাঁচ বছৰ ধৰি তেওঁৰ প্ৰেমিকাৰ সৈতে লিভ-ইন ৰিলেচনত আছিল আৰু বিবাহৰ প্ৰলোভন দি প্ৰেমিকাক যৌন উৎপীড়ন কৰি আছিল । যেতিয়া যুৱতীগৰাকী গৰ্ভৱতী হৈছিল, যুৱকজনে বিয়া পাতিবলৈ অস্বীকাৰ কৰিছিল আৰু তেওঁৰ প্ৰকৃত পৰিচয় দিছিল ।