অসম

assam

ETV Bharat / bharat

জন সাধাৰণৰ দুৰ্ভোগৰ সময়ত সুযোগৰ সন্ধান

জন সাধাৰণৰ দুখ-দুৰ্দশাৰ মাজত নীতি আয়োগে বিচাৰি পাইছে সুযোগৰ সন্ধান ৷ নীতি আয়োগৰ মতে, দেশৰ দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰসমূহত বেচৰকাৰী স্বাস্থ্য খণ্ডত 2.3 লাখ কোটি টকা মূল্যৰ 600 টা বিভিন্ন সুযোগে অপেক্ষা কৰি আছে ৷ আয়োগৰ মতে জীৱন ধাৰণৰ লগত জড়িত থকা ব্যাধিসমূহ যেনে- উচ্চ কলেষ্ট’ৰেল, উচ্চ ৰক্তচাপ আৰু মেদবহুলতা আদি তদুপৰি মদ্যপানৰ হাৰ বাঢ়ি যোৱা কাৰ্যই স্বাস্থ্য সেৱা খণ্ডৰ চাহিদা ব্যাপকভাৱে বৃদ্ধি কৰিব ৷

By

Published : Apr 4, 2021, 8:40 AM IST

জন সাধাৰণৰ দুৰ্ভোগৰ সময়ত সুযোগৰ সন্ধান
জন সাধাৰণৰ দুৰ্ভোগৰ সময়ত সুযোগৰ সন্ধান

এই বিষয়ে প্ৰত্যেকেই অৱগত যে স্বাস্থ্যই হৈছে মূল সম্পদ ৷ নীতি আয়োগে তেওঁলোকৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ কৰিছে যে, যিহেতু ব্যাপকভাৱে বিনিয়োগৰ সুযোগ প্ৰদান কৰা হৈছে, সেয়ে অনাগত দিনবোৰত ভাৰতবৰ্ষই বেচৰকাৰী স্বাস্থ্য খণ্ড সমূহত মহত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিব ৷ যিখিনি সময়ত দেশখন মহামাৰীৰ কবলত ককবকাই থকাৰ লগতে সংক্ৰামক তথা অসংক্ৰামক ৰোগে গ্ৰাস কৰি ৰাখিছে; তেনে এক সময়ত প্ৰকাশ পোৱা এই প্ৰতিবেদনটোৱে সকলোকে হতচকিত কৰি তুলিছে ৷

নীতি আয়োগে কৈছে যে, দেশৰ স্বাস্থ্য খণ্ডৰ 80 শতাংশ অধিকাৰ কৰি থকা চিকিৎসা উদ্যোগে প্ৰতি বছৰে শতকৰা 16-17 শতাংশ হাৰত অগ্ৰগতি লাভ কৰি আহিছে ৷ প্ৰতিবেদনটোত প্ৰকাশ পোৱা অনুসৰি, এই খণ্ডটিয়ে অনাগত দুটা বছৰত 13,200 কোটি ডলাৰৰ স্তৰ স্পৰ্শ কৰিবগৈ ৷ আয়োগে লগতে কয় যে, যদিহে ফাৰ্মা আৰু চিকিৎসা সামগ্ৰীৰ খণ্ডৰ অগ্ৰগতিক হিচাপত ধৰা যায়, তেনেহলে সামগ্ৰিকভাৱে চিকিৎসা সেৱা খণ্ডই অহা বৰ্ষত 27 লাখ কোটিৰ ঘৰ স্পৰ্শ কৰিব ৷ আয়োগে এখন ইতিবাচক ছবিও দাঙি ধৰিছে; যাৰ জৰিয়তে তেওঁলোকে ব্যক্ত কৰিছিল যে চিকিৎসা খণ্ডই প্ৰত্যক্ষ বৈদেশিক বিনিয়োগকো আকৰ্ষণ কৰিব ৷ ইয়াৰ উপৰিও প্ৰতিবেদনটোত প্ৰকাশ পোৱা অনুসৰি, 2017 আৰু 2022 চনৰ ভিতৰত স্বাস্থ্য বীমা, স্বাস্থ্য পৰ্যটন, টেলি-মেডিচিন, প্ৰযুক্তিবিদ্যা ভিত্তিক চিকিৎসা সেৱাসমূহ তথা অনান্য চিকিৎসা খণ্ড সম্পৰ্কীয় খণ্ডসমূহে সমান্তৰালভাৱে অগ্ৰগতি লাভ কৰিব; লগতে 27 লাখ অতিৰিক্ত চাকৰিৰ সৃষ্টি কৰিব ৷

কৰ্ণাটক, তামিলনাডু, কেৰালা, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত সমগ্ৰ দেশৰ চিকিৎসালয় সমূহৰ মুঠ বিচনা সমূহৰ 65 শতাংশ বিচনা থকাৰ কথা উল্লেখ কৰি অয়োগে কয় যে, বাকী ৰাজ্য কেইখনত বিচনাৰ সংখ্যা অন্তত 30 শতাংশ বৃদ্ধি কৰাৰ অৱকাশ আছে ৷

আমি এনে এখন দেশত বাস কৰো য’ত এক বৃহৎ অংকৰ ধন চিকিৎসালয়ৰ বিল হিচাপে পৰিশোধ কৰাৰ পৰিণতিত প্ৰতি বছৰে প্ৰায় 6 কোটি মানুহ দৰিদ্ৰ সীমা ৰেখাৰ তললৈ অৱনমিত হ’ব লগা হয় ৷ আমি এই ক্ষেত্ৰত বিশ্ব বেংকে দিয়া পৰামৰ্শটোলৈ মনত পেলোৱা উচিত ৷ য’ত কোৱা হৈছিল যে 90 শতাংশ ৰোগ প্ৰাৰম্ভিক অৱস্থাতেই ধৰা পেলাব পাৰি; লগতে প্ৰাথমিক চিকিৎসাৰ দ্বাৰা ইয়াক নিৰাময়ো কৰিব পাৰি ৷ কিন্তু পৰিতাপৰ বিষয়টো হ’ল; মূল্যৱান পৰামৰ্শক আমি সদায় আওকাণ কৰো ৷ যাৰ ফলস্বৰূপে, স্বাস্থ্য সেৱাসমূহ ধনী চামৰহে বিশেষ অধিকাৰত পৰিণত হৈ পৰিছে ৷

ক’ভিডৰ দৰে মাৰাত্মক ব্যাধিসমূহ ভয়ানকভাৱে বাঢ়ি গৈছে ৷ এনে ক্ষেত্ৰত চৰকাৰে সাধাৰণ জনতাৰ স্বাস্থ্য সুৰক্ষিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷ কিন্তু শাসকীয় কৰ্তৃপক্ষৰ মানসিকতা এনেকুৱা যে আমাক এই সংকটপূৰ্ণ সময়চোৱাত আতংকিত হ’বলৈহে এৰি দিছে ৷

যিকোনো এখন ৰাষ্ট্ৰৰে অগ্ৰগতিৰ বাবে দক্ষ মানৱ সম্পদৰ প্ৰয়োজন ৷ শিক্ষা আৰু স্বাস্থ্য হৈছে দুটা এনে খণ্ড যিয়ে কোনো ব্যক্তিৰ বিকাশ সাধন কৰি সম্পদৰ শাৰীলৈ উন্নীত কৰাত সহায় কৰে ৷ ন’বেল বটা বিজয়ী অমৰ্ত্য সেনে জোৰ দি কৈছে যে উদাৰীকৰণে অন্যান্য পথসমূহ মুকলি কৰি যিমানেই সুযোগ প্ৰদান নকৰক কিয় শিক্ষা আৰু স্বাস্থ্য খণ্ড চৰকাৰৰ হাততেই থকা উচিত ৷ কিন্তু তেওঁৰ এই মহা মূল্যৱান পৰামৰ্শৰ প্ৰতি কোনেও কাণসাৰেই নকৰিলে ৷

বিশ্বৰ আটাইতকৈ উৎকৃষ্ট স্বাস্থ্য সেৱাসমূহ কানাডা, ডেনমাৰ্ক, ছুইডেন, নৰৱে, জাৰ্মানী, যুক্তৰাজ্য, জাপান আৰু অষ্ট্ৰেলিয়াত বিকশিত হৈ আছে ৷ কিন্তু পৰিতাপৰ বিষয় যে অতি সোনকালে বিশ্বৰ আটাইতকৈ জনবহুল দেশ হ’বলৈ গৈ থকা ভাৰতবৰ্ষত স্বাস্থ্য সেৱা খণ্ড এতিয়াও দুখলগা অৱস্থাতেই আছে ৷ ইয়াত শকত অংকৰ ধন ব্যয় কৰা সকলেহে উত্তম চিকিৎসা লাভ কৰিবলৈ সুবিধা পায় ৷

নীতি আয়োগে উল্লেখ কৰিছে যে দেশৰ দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰৰ সমূহত বেচৰকাৰী স্বাস্থ্য খণ্ডত 2.3 লাখ কোটি টকা মূল্যৰ 600 টা বিভিন্ন সুযোগে অপেক্ষা কৰি আছে ৷ আয়োগে কয় যে এই সম্বন্ধত মধ্যবিত্ত শ্ৰেণীৰ 7.3 কোটি লোকৰ সাম্ভাৱ্য বিকাশ এক ইতিবাচক কাৰক ৷ আয়োগে লগতে মতামত পোষণ কৰে যে, জীৱন ধাৰণৰ লগত জড়িত থকা ব্যাধি সমূহ যেনে উচ্চ কলেষ্ট’ৰেল, উচ্চ ৰক্তচাপ আৰু মেদবহুলতা আদি তদুপৰি মদ্যপানৰ হাৰ বাঢ়ি যোৱা কাৰ্যই স্বাস্থ্য সেৱা খণ্ডৰ চাহিদা ব্যাপকভাৱে বৃদ্ধি কৰিব ৷

কিন্তু জন সাধাৰণৰ দুখ-দুৰ্দশাৰ মাজত আয়োগে সুযোগৰ সন্ধান পাইছে ৷ এনে লাগিছে যেন কাৰোবাৰ দুৰ্ভোগত কোনোৱে নিজৰ উন্নতি সাধিবলৈ সুযোগ বিচাৰি পাইছে ৷ যি সময়ত কোটি কোটি লোকে দুৰ্ভাগ্যৰ সাগৰত ককবকাই আছে ৷ তেওঁলোকক এনে অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ হ’লে চৰকাৰী খণ্ডৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়াব লাগিব ৷ কিন্তু ইয়াৰ বিপৰীতে, জন সাধাৰণৰ দুৰ্ভোগক সুযোগলৈহে ৰূপান্তৰিত কৰাৰ চেষ্টা চলোৱা হৈছে ৷ এয়া কেনে এক দুৰ্ভাগ্যজনক প্ৰৱণতা ?

উচ্চতম ন্যায়ালয়ে স্বাস্থ্যৰ অধিকাৰৰ অধীনত সস্তীয়া চিকিৎসা সেৱা অন্তৰ্ভুক্ত কৰাত জোৰ দিছিল ৷ চৰকাৰৰ স্বাস্থ্য নীতিও একেই হোৱা উচিত ৷ চৰকাৰে প্ৰাথমিক চিকিৎসা খণ্ডক ন জীৱন দিয়া উচিত ৷ চৰকাৰে এনেকুৱা উপায় সমূহৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰা উচিত হ’ব, যিয়ে এক বিষম পৰিস্থিতিক প্ৰতিৰোধ কৰাত সহায় কৰাৰ লগতে দেশে চিকিৎসা সঁজুলি আৰু ফাৰ্মা খণ্ডত বৈদেশিক বিনিয়োগৰ সন্ধান কৰিব ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details