অসম

assam

By

Published : Dec 19, 2021, 11:05 AM IST

ETV Bharat / bharat

Longest drone flight : নাগালেণ্ডত চিকিৎসা সামগ্ৰীৰ সৈতে দীঘলীয়া উৰণ আই-ড্ৰোণৰ

কানপুৰৰ আইআইটি আৰু ICMR ৰ দ্বাৰা নিৰ্মিত এই আই-ড্ৰোণৰ বিশেষ সফলতা । চিকিৎসা সামগ্ৰীৰ সৈতে দীৰ্ঘতম পথ অতিক্ৰম আই-ড্ৰোণৰ (Longest drone flight delivers medical supplies) । নাগালেণ্ডৰ মোককচাঙৰ পৰা টুৱেনচাঙলৈ প্ৰায় ৩,৫২৫ ইউনিট চিকিৎসা সামগ্ৰী ২৮ মিনিটত কঢ়িয়াই নিলে ড্ৰোণখনে ।

Longest drone flight
নাগালেণ্ডত চিকিৎসা সামগ্ৰীৰ সৈতে দীঘলীয়া উৰণ আই ড্ৰোণৰ

নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ :ICMR আৰু নাগালেণ্ড চৰকাৰৰ বৃহৎ সফলতা । চিকিৎসা সামগ্ৰীৰ সৈতে দীৰ্ঘতম পথ অতিক্ৰম কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ ড্ৰোণ সঁহাৰি আৰু আউটৰিচ (i-Drone) পাইলট প্ৰকল্পৰ ড্ৰোণে (Longest drone flight delivers medical supplies) । আই-ড্ৰোণৰ দলে উল্লেখ কৰা মতে, ড্ৰোণখনে ২৮ মিনিটৰ ভিতৰত মোককচাঙৰ পৰা টুৱেনচাঙলৈ চিকিৎসা সামগ্ৰী যোগান ধৰিবলৈ সক্ষম হৈছে ।

জানিব পৰা মতে, ড্ৰোণ বিমানখনে ৯০ কিল’মিটাৰ ভ্ৰমণ কৰিছিল ৷ যাৰ বাবে নাগালেণ্ডৰ টুৱেনচাং পাবলৈ 7-8 ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল । প্ৰায় ৩,৫২৫ ইউনিট চিকিৎসা সামগ্ৰীৰে সজ্জিত ড্ৰোণখনে মোককচাঙৰ পৰা টুৱেনচাং পাবলৈ প্ৰায় ২৮ মিনিট সময় লৈছিল । আই-ড্ৰোণ দলৰ মতে, ই হৈছে ভাৰতত ঔষধ কঢ়িয়াই অনা ড্ৰোণৰ আটাইতকৈ দীঘলীয়া যাত্ৰা ।

এই সফলতাৰ পাছতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই ICMR আৰু ৰাজ্য চৰকাৰৰ এই সফলতাক অভিনন্দন জ্ঞাপন কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, চৰকাৰৰ জনস্বাস্থ্য পদ্ধতিৰ ইতিহাসত ইয়াক এক নতুন অধ্যায় হিচাপে বিবেচনা কৰা হ'ব ।

উল্লেখ্য যে, কানপুৰৰ আইআইটি আৰু ICMR ৰ দ্বাৰা নিৰ্মিত এই আই-ড্ৰোণ হৈছে দক্ষিণ এছিয়াৰ প্ৰথমখন বাণিজ্যিক ড্ৰোণ । ইয়াৰ উদ্দেশ্য হৈছে ক'ভিড-১৯ ৰ প্ৰতিষেধক আৰু অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী যোগান ধৰা ।

লগতে পঢ়ক:স্পুটনিক ভি, স্পুটনিক লাইট বুষ্টাৰ অ'মিক্ৰণৰ বিৰুদ্ধে অধিক কাৰ্যকৰী: RDIF

ABOUT THE AUTHOR

...view details