নিউজ ডেস্ক, ১৮ আগষ্ট :বিগত কিছুদিন ধৰি প্ৰবাল ৰিভলভাৰ চৰ্চাৰ শীৰ্ষত আছে । ইয়াৰ কাৰণ হৈছে ইয়াৰ বৈশিষ্ট্যসমূহ । এই ৰিভলভাৰটো হৈছে মে'ক ইন ইণ্ডিয়া কাৰ্যসূচীৰ এক ফচল । প্ৰবাল ৰিভলভাৰ উত্তৰ প্ৰদেশৰ কানপুৰত নিৰ্মাণ কৰা হৈছে । কানপুৰস্থিত ৰাজ্য চৰকাৰৰ মালিকানাধীন এডভান্সড ৱেপনছ এণ্ড ইকুইপমেণ্ট ইণ্ডিয়া লিমিটেডত (AWEIL) তৈয়াৰ কৰা এক প্ৰবাল ৰিভলভাৰ মহিলাসকলৰ বাবে অতি উপযুক্ত বুলি গণ্য কৰা হৈছে । কিয়নো ইয়াৰ ওজন অতি কম আৰু ঘাতক ক্ষমতা অতি বেছি ।
প্ৰবাল ৰিভলভাৰৰ ওজন কিমান
প্ৰবাল হৈছে অতি পাতল ৩২ ব'ৰ ৰিভলভাৰ । এই ৰিভলভাৰক মহিলাসকলৰ বাবে অতি উপযুক্ত বুলি গণ্য কৰা হয় । কিয়নো কাৰ্টিজ অবিহনে ইয়াৰ ওজন মাত্ৰ ৭০০ গ্ৰাম । যাৰ বাবে যিকোনো লোকে এই ৰিভলভাৰটো অনায়াসে তেওঁলোকৰ লগত ৰাখিব পাৰে । ইয়াৰ ট্ৰিগাৰ পুলো যথেষ্ট সহজ । এই সুবিধাৰ বাবে মহিলাসকলে ৰিভলভাৰটো তেওঁলোকৰ হেণ্ডবেগত আৰামেৰে ৰাখিব পাৰে আৰু তেওঁলোকৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰিব পাৰে ।
প্ৰবাল ৰিভলভাৰৰ ঘাতক ক্ষমতা
প্ৰবাল ৰিভলভাৰৰ ঘাতক ক্ষমতা বা ফায়াৰ পাৱাৰ হৈছে দেশীয় সকলো ৰিভলভাৰৰ তুলনাত সৰ্বাধিক । প্ৰবাল ৰিভলভাৰৰ লক্ষ্য ৫০ মিটাৰলৈকে । যিটো আন সকলো ৰিভলভাৰৰ তুলনাত আঢ়ৈ গুণ বেছি । বৰ্তমান যিকোনো দেশীয় ৰিভলভাৰৰ পৰিসৰ ২০ মিটাৰতকৈ বেছি নহয় ।
ছাইড ছুইং চিলিণ্ডাৰ কি
প্ৰবাল হৈছে ভাৰতত নিৰ্মাণ কৰা প্ৰথমটো ৰিভলভাৰ, য'ত ছাইড ছুইং চিলিণ্ডাৰ আছে । ৰিভলভাৰৰ প্ৰথম সংস্কৰণত কাৰ্টিজটো সুমুৱাবলৈ বন্দুকটো ঘূৰাই দিবলগা হৈছিল । কিন্তু এতিয়া সেইটোও কৰিব নালাগে ।