অসম

assam

ETV Bharat / bharat

নতুন শিখৰ স্পৰ্শ কৰিব ভাৰত-বাংলাদেশৰ সম্পৰ্কই ! - Bangabandhu corner

দেওবাৰে আগৰতলাত উপস্থিত হয় বাংলাদেশৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ড৹ মহম্মদ হাছান মামুদ ৷ দিল্লীত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বে আগৰলতাত উপস্থিত বাংলাদেশৰ মন্ত্ৰীগৰাকী ৷

long Indo-Bangla ties to touch new heights: Bangladesh's minister
নতুন শিখৰ স্পৰ্শ কৰিব ভাৰত-বাংলাদেশৰ সম্পৰ্কই !

By

Published : Sep 6, 2021, 12:38 PM IST

নেশ্যনেল ডেস্ক, 6 ছেপ্তেম্বৰ : দ্বি-পাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ফলত ভাৰত আৰু বাংলাদেশৰ মাজৰ ঐতিহাসিক বন্ধনে নতুন উচ্চতা স্পৰ্শ কৰিব ৷ এই মন্তব্য বাংলাদেশৰ সাংসদ তথা কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ড৹ মহম্মদ হাছান মামুদৰ (Dr Mohammed Hasan Mahmud) ৷ দেওবাৰে দিল্লীলৈ উৰা মৰাৰ পূৰ্বে আগৰতলাত উপস্থিত হয় ড৹ মহম্মদ হাছান মামুদ ৷

সোমবাৰে দিল্লী প্ৰেছ ক্লাবত ‘বংগবন্ধু কৰ্ণাৰ’ (Bangabandhu corner) উদ্বোধন কৰাৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে বৈঠকত মিলিত হ’ব সাংসদগৰাকী ৷

নতুন শিখৰ স্পৰ্শ কৰিব ভাৰত-বাংলাদেশৰ সম্পৰ্কই !

তেওঁ এই নতুন সম্পৰ্ক সন্দৰ্ভত মন্তব্য কৰি কয় যে, ‘মই এই আমন্ত্ৰণৰ বাবে দিল্লী প্ৰেছ ক্লাবক ধন্যবাদ জ্ঞাপন কৰিছো ৷ মোৰ দেশে বংগবন্ধু শ্বেখ মুজিবুৰৰ জন্মজয়ন্তী উপলক্ষে ‘মুজিব বৰ্ষ’ (Mujib year) উদযাপন কৰি থকা সময়তে মোক ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে৷’

তেওঁ লগতে কয়, মই ভাবো এই ঐতিহাসিক পদক্ষেপে দুয়ো দেশৰ মাজৰ দীৰ্ঘদিনীয়া সম্পৰ্কক অধিক উচ্চতালৈ লৈ যাব ৷

লগতে পঢ়ক :27 ছেপ্তেম্বৰত ভাৰত বন্ধ : প্ৰতিবাদী কণ্ঠস্বৰ অধিক দৃঢ় কৰাৰ সংকল্প কৃষকৰ

ABOUT THE AUTHOR

...view details