অসম

assam

By

Published : Dec 15, 2021, 1:00 PM IST

Updated : Dec 15, 2021, 2:10 PM IST

ETV Bharat / bharat

Coonoor chopper crash: মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে গ্ৰুপ কেপ্টেইন বৰুণ সিঙে

ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যু ৷ তামিলনাডুৰ কুন্নুৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাৰ একমাত্ৰ জীৱন্ত ভুক্তভোগী আছিল বৰুণ সিং ৷ বৰুণৰ মৃত্যুৰ লগে লগে এই অভিশপ্ত হেলিকপ্টাৰ দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা 14 জনলৈ বৃদ্ধি পালে ৷

Varun Singh passes away
ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যু

নিউজ ডেস্ক, 15 ডিচেম্বৰ : কুন্নুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিঙে অৱশেষত মৃত্যুক আঁকোৱালি ল’লে (IAF Group Captain Varun Singh passes away) ৷ যোৱা 8 ডিচেম্বৰত তামিলনাডুৰ কুন্নুৰত সংঘটিত হৈছিল এটা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা (Coonoor chopper crash)৷ ভাৰতীয় বায়ুসেনাৰ Mi17V5 হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয় কুন্নুৰত ৷ এই হেলিকপ্টাৰ খনত যাত্ৰী হিচাপে আছিল ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু আন 12 গৰাকী সেনা তথা বায়ুসেনাৰ লোক ৷

দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনাই প্ৰাণ হেৰুৱাইছিল জেনেৰেল ৰাৱাট (General Bipin Rawat died in chopper crash)আৰু পত্নীসহ 13 জনে ৷ সেই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিং ৷ ততাতৈয়াকৈ বৰুণ সিঙক ভৰ্তি কৰোৱা হৈছিল ৱেলিংটনৰ সেনাৰ চিকিৎসালয়ত ৷ 9 ডিচেম্বৰক উন্নত চিকিৎসাৰ বাবে বৰুণক প্ৰেৰণ কৰা হয় বেংগালুৰুলৈ ৷

বেংগালুৰুত চিকিৎসাধীন হৈ থকা সময়ত বিভিন্নজনে ঈশ্বৰক প্ৰাৰ্থনা জনাইছিল বৰুণৰ আশু আৰোগ্য কামনা কৰি ৷ কিন্তু সকলো প্ৰাৰ্থনা অসাৰ হৈ ৰ’ল ৷ চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি ল’লে বৰুণ সিঙে (Group Captain Varun Singh passes away in Bengaluru)৷ ফলত এই অভিশপ্ত হেলিকপ্টাৰ দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা 14 জনলৈ বৃদ্ধি পালে ৷

ইয়াৰ পূৰ্বে এবাৰ বৰুণ অনুৰূপ এক দুৰ্ঘটনাৰ মুখামুখি হৈছিল গ্ৰুপ কেপ্টেইন বৰুণ সিং ৷ এখন তেজস্ব বিমান উৰুৱাৰ সময়ত বিগত বৰ্ষত বিপদৰ সন্মুখীন হৈছিল বৰুণ ৷ উৰন্ত অৱস্থাতে বিজুতি ঘটনা বিমানখন সফলভাৱে অৱতৰণ কৰাইছিল বৰুণে ৷ এই দক্ষতাৰ বাবে তেওঁক প্ৰদান কৰা হৈছিল সৌৰ্যচক্ৰ সন্মান (Shaurya Chakra to Varun Singh) ৷

বৰুণ সিঙৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi pays condolence to Varun Singh)৷ এক টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, গৌৰৱেৰে দেশৰ বাবে সেৱা আগবঢ়াইছিল বৰুণ সিঙে ৷ তেওঁৰ মৃত্যুত শোক ব্যক্ত কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈও সমবেদনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে ৷

লগতে পঢ়ক :Indian Army Chopper Crash : তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু 13 জনৰ

Last Updated : Dec 15, 2021, 2:10 PM IST

ABOUT THE AUTHOR

...view details