অসম

assam

ETV Bharat / bharat

জে দি(ইউ)ত যোগদান এল জে পিৰ বিধায়ক ৰাজকুমাৰ সিঙৰ

চিৰাগ পাছোৱান নেতৃত্বাধীন লোক জনশক্তি পাৰ্টী(এল জে পি)ত মোক্ষম আঘাত । দলৰ সংগ এৰিলে একমাত্ৰ বিধায়ক ৰাজকুমাৰ সিঙে । জনতা দল(ইউনাইটেড)ৰ সদস্যপদ গ্ৰহণ কৰিলে ৰাজকুমাৰ সিঙে । পাটনাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ উপস্থিতিত তেওঁ জনতা দল(ইউনাইটেড)ত যোগদান কৰে । বিগত বৰ্ষত বিহাৰৰ নিৰ্বাচনত বেগুছাৰাই জিলাৰ মাটিহানি সমষ্টিৰ পৰা এল জে পিৰ হৈ প্ৰতিদ্বন্দিতা কৰি জয়ী হৈছিল ৰাজকুমাৰ সিং ।

By

Published : Apr 7, 2021, 12:57 PM IST

জনতা দল(ইউনাইটেড)ত যোগদান এল জে পিৰ একমাত্ৰ বিধায়ক ৰাজকুমাৰ সিঙৰ
জনতা দল(ইউনাইটেড)ত যোগদান এল জে পিৰ একমাত্ৰ বিধায়ক ৰাজকুমাৰ সিঙৰ

নেশ্যনেল ডেস্ক, ৭ এপ্ৰিল: বিহাৰত এল জে পিৰ একমাত্ৰ বিধায়ক ৰাজকুমাৰ সিঙে যোগদান কৰিলে জনতা দল(ইউনাইটেড)ত । পাটনাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ উপস্থিতিত তেওঁ জনতা দল(ইউনাইটেড)ৰ সদস্যপদ গ্ৰহণ কৰে । এই সন্দৰ্ভত তেওঁ বিহাৰ বিধানসভাৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু মঙলবাৰে অধ্যক্ষই সন্মতি প্ৰদান কৰে । বিগত বৰ্ষত বিহাৰৰ নিৰ্বাচনত বেগুছাৰাই জিলাৰ মাটিহানি সমষ্টিৰ পৰা এল জে পিৰ হৈ প্ৰতিদ্বন্দিতা কৰি জয়ী হৈছিল ৰাজকুমাৰ সিং ।

জনতা দল(ইউনাইটেড)ত যোগদান এল জে পিৰ একমাত্ৰ বিধায়ক ৰাজকুমাৰ সিঙৰ

যোৱা মাহত বিহাৰ বিধানসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনৰ সময়ত ৰাজকুমাৰ সিঙে এন ডি এৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰাৰ পিছত এল জে পিৰ তৰফৰ পৰা তেওঁলৈ জাননী প্ৰেৰণ কৰা হৈছিল আৰু তেওঁ প্ৰদৰ্শনমূলক ভাৱেহে কাৰ্যনিৰ্বাহ কৰি আছিল । যোৱা ফেব্ৰুৱাৰী মাহত বিধায়কগৰাকীয়ে বি জে পি নেতা ভূপেন্দৰ যাদৱক সাক্ষাৎ কৰিছিল । ইয়াৰ পিছতে অনুমান কৰা হৈছিল যে, তেওঁ দল সলনি কৰি জনতা দল(ইউনাইটেড)ৰ শিবিৰত যোগদান কৰিব ।

বিগত বিধানসভা নিৰ্বাচনত আসনৰ ভাগ-বটোৱাৰাক লৈ সৃষ্টি হোৱা সমস্যাৰ বাবে এল জে পিয়ে বি জে পিৰ সৈতে মিত্ৰজোঁটৰ অংশীদাৰ হোৱা নাছিল আৰু অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছিল । পিছত বিধানসভা নিৰ্বাচনত এল জে পিয়ে মাত্ৰ মাটিহানি সমষ্টিতহে জয় লাভ কৰিবলৈ সক্ষম হয় । যোৱা ফেব্ৰুৱাৰী মাহত, বিজেপি নেতা নীৰজ কুমাৰ সিঙৰ পত্নী তথা এল জে পিৰ একমাত্ৰ এম এল চি নুতন সিঙে বিজেপিত যোগদান কৰে ।

দলৰ প্ৰাক্তন মুখপাত্ৰ কেশৱ সিঙকে ধৰি ২০০ গৰাকীতকৈও অধিক দলীয় নেতাৰ নীতিশ কমাৰৰ শিবিৰত যোগদান কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত চিৰাগ পাছোৱান নেতৃত্বাধীন লোক জনশক্তি পাৰ্টীয়ে এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । বিগত বৰ্ষত অনুষ্ঠিত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনত জনতা দল(ইউনাইটেড)ৰ বিৰুদ্ধে যুঁজিবলৈ এল জে পিয়ে ১৪৩ জন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ।

লগতে পঢ়ক:বিস্ফোৰক সামগ্ৰী আৰু ড্ৰাগছসহ গ্ৰেপ্তাৰ পাকিস্তানী নাগৰিক

ABOUT THE AUTHOR

...view details