নেশ্যনেল ডেস্ক, ১৫ এপ্ৰিল:দেশৰ ক'ভিড-19 সৃষ্ট পৰিস্থিতি সন্দৰ্ভত 19 এপ্ৰিলত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এক ভাৰ্ছুৱেল বৈঠকৰ আহ্বান কৰিছে । ক'ভিড-19 সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনপ্ৰতিনিধিৰ ভূমিকা আৰু দায়িত্ব সন্দৰ্ভত দেশৰ বিধায়িনী দলৰ প্ৰিজাইডিং বিষয়া আৰু অন্যান্য নেতাসকলৰ সৈতে বৈঠকত বহিব অধ্যক্ষগৰাকী । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও বিৰোধী দলৰ আন নেতাসকলৰ লগত এই বৈঠকত অংশগ্ৰহণ কৰিব।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, বুধবাৰে ভাৰতত দুই লাখতকৈও অধিক সংক্ৰমণৰ নতুন ঘটনা পোহৰলৈ আহিছে । বিগত ২৪ ঘণ্টাত ২ লাখ ৭৩৯ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে কৰ'ণাত ।