নিউজ ডেস্ক,৪ ফেব্ৰুৱাৰী:কৃষি আইনকলৈ লোকসভাৰ মজিয়াটো দেখা গ'ল উত্তাল প্ৰতিবাদ । নতুন কৃষি আইনৰ বিৰুদ্ধে বিৰোধীৰ প্ৰতিবাদক লৈ লোকসভাত বৃহস্পতিবাৰে তৃতীয়বাৰৰ বাবে সদন স্থগিত ৰখা হয় । প্ৰথমে সন্ধিয়া ৫ বজাত তাৰ পিছত ৬ বজাত আৰু ৭ বজালৈ স্থগিত ৰখা হয় সদন । নতুন কৃষি আইন বাতিলৰ বাবে বিৰোধী সদস্যসকলে শ্লোগান দিয়া মাজতে আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে মধ্যস্থতা আৰু সমাধান (সংশোধনী) বিধেয়ক, ২০২১ উপস্থাপন কৰে ।
বিধেয়কখন প্ৰৱৰ্তন কৰি প্ৰসাদে কয় যে বিধেয়ক খনে নিৰ্ধাৰিত আৰ্থিক প্ৰতিষ্ঠানৰ জৰিয়তে মধ্য়স্থতাকাৰীসকলৰ দ্ৰুত নিযুক্তিৰ সুবিধা প্ৰদান কৰিব বিচৰা হৈছে । বিধেয়ক খনে চৰকাৰে আগতে অনা এটা অধ্যাদেশো সলনি কৰিব বিচাৰে । পিছত বিৰোধীসকলৰ প্ৰতিবাদৰ মাজত লোকসভা সন্ধিয়া ৬ বজালৈ স্থগিত কৰা হয়।