নেশ্যনেল ডেস্ক , ৪ আগষ্ট:সংসদত পেগাচাছক (Pegasus) লৈ বিৰোধীৰ প্ৰতিবাদ অব্যাহত আছে । পেগাচাছ আৰু আন বিষয়ক লৈ তীব্ৰ প্ৰতিবাদৰ মাজতে বুধবাৰে তৃতীয়বাৰৰ বাবে লোকসভাৰ চলিত অধিৱেশন স্থগিত ৰখা হয় । বুধবাৰে সদন আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষ ওম বিৰলাই (Speaker of the Lok Sabha Om Birla) লোকসভাৰ আঠগৰাকী প্ৰাক্তন সদস্যৰ মৃত্যুত শোকপ্ৰকাশ কৰে ৷
ইয়াৰ লগতে অধ্যক্ষৰ আহ্বানত সকলোৱে সদস্যকেইগৰাকীৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰে । ইফালে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে প্ৰতিবাদ আৰম্ভ কৰে বিৰোধীয়ে । অধ্যক্ষ বিৰলাই প্ৰতিবাদকাৰী সাংসদসকলক সদনৰ শালীনতা বজাই ৰাখিবলৈ বাৰে বাৰে আহ্বান জনায় ।
প্ৰশ্নকাল আৰম্ভ হোৱাৰ দহ মিনিটৰ পিছতে তীব্ৰ হুলস্থূলৰ সৃষ্টি হোৱাত পুৱা ১১.৩০ বজালৈ সদন স্থগিত ৰাখে অধ্যক্ষ ওম বিৰলাই । ৰাজেন্দ্ৰ আগৰৱালৰ অধ্যক্ষতাত ১১:৩০ বজাত সদন পুনৰ আৰম্ভ হয় যদিও বিৰোধীয়ে পুনৰ প্ৰতিবাদ আৰম্ভ কৰে ৷ প্লেকাৰ্ড প্ৰদৰ্শনৰ লগতে সাংসদসকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে সংসদ উত্তাল কৰি তোলে ।