নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ:লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাক ৩৩ শতাংশ আসন প্ৰদান কৰা মহিলা সংৰক্ষণ বিধেয়কখন বুধবাৰে লোকসভাত গৃহীত হয় । ৪৫৪ জন সাংসদে বিধেয়কখনৰ সপক্ষে আৰু ২ জন সাংসদে এই বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰাৰ কথা ব্যক্ত কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ।
বুধবাৰে লোকসভাৰ কাৰ্যবিধি আৰম্ভ হোৱাৰ পিচতেই কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে মহিলা সংৰক্ষণ বিধেয়কখন মহিলা সবলীকৰণৰ দিশত এক পদক্ষেপ বুলি কৈ লোকসভাত বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰে । সাংবিধানিক সংশোধনী বিধেয়কখন নিম্ন সদনত উত্থাপন কৰা হয় । নতুন সংসদ ভৱনত উত্থাপন হোৱা এইখন প্ৰথমখন বিধেয়ক আছিল ।
এই বিধেয়কখনত লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । লোকপিয়ল আৰু সীমা নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পিচতহে এই সংৰক্ষণ কাৰ্যকৰী হ’ব ৷ বিৰোধী পক্ষৰ পৰা বিধেয়কখনৰ ওপৰত বিতৰ্ক আৰম্ভ কৰি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে বিধেয়কখনক নিজৰ দলৰ সমৰ্থন আগবঢ়ায় যদিও কোটা শীঘ্ৰে কাৰ্যকৰী কৰি অ’বিচি মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ তেওঁ দাবী জনায় ৷
আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে মহিলা সংৰক্ষণ বিধেয়কৰ বিতৰ্কত ৬০ গৰাকী সাংসদে অংশগ্ৰহণ কৰিছিল । সংসদৰ বিশেষ অধিৱেশনৰ সময়ত ছোনিয়া গান্ধীৰ উপৰিও নেশ্যনেলিষ্ট কংগ্ৰেছ দলৰ কাৰ্যকৰী সভানেত্ৰী তথা এনচিপিৰ প্ৰধান শৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া চুলেই বিতৰ্কত অংশ লয় । প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়েও বিধেয়ক সন্দৰ্ভত ভাষণ দিয়াৰ বিপৰীতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিতৰ্কৰ উত্তৰ দিয়ে ।
লগতে পঢ়ক:Womens Reservation Bill : অৱশেষত বাস্তৱায়িত হ'ল নাৰী সংৰক্ষণ বিধেয়ক