নিউজ ডেস্ক, ২৯ আগষ্ট : দেশৰ ৰাজনীতিত এতিয়া কেৱল আগন্তুক লোকসভা নিৰ্বাচনক লৈ চৰ্চা । ইয়াৰ মাজতে শাসক-বিৰোধী উভয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । আনহাতে, শেহতীয়াভাৱে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই নিজৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিবলৈ উঠি-পৰি লাগিছে । কিন্তু তাৰ মাজতে আন এটা বিষয়েও চৰ্চা লাভ কৰিছে, নিৰ্ধাৰিত সময়তকৈ আগতেই অনুষ্ঠিত হ'ব নেকি লোকসভা নিৰ্বাচন । ইতিমধ্যে সোমবাৰে এই সম্ভাৱনা ব্যক্ত কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।
এইবাৰ বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহক একত্ৰিত কৰাৰ বাবে প্ৰচাৰ চলাই থকা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ক্ষেত্ৰত আন এক দাবী কৰিছে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কৈছে যে দেশত যিকোনো সময়তে নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে । উল্লেখ্য যে সোমবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও দাবী কৰিছিল যে বিজেপিয়ে এই বছৰৰ ডিচেম্বৰতে লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে ।
বিহাৰৰ নালন্দা জিলাত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে এইটো প্ৰয়োজনীয় নহয় যে সাধাৰণ নিৰ্বাচন সময়মতে অনুষ্ঠিত হ'ব লাগিব । তেওঁলোকে (কেন্দ্ৰ) আগতীয়াকৈও নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে । "আমি বিগত কেইবা মাহ ধৰি এইটো কৈ আহিছোঁ যে কেন্দ্ৰই আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে ।" নীতিশ কুমাৰে কয় ।