অসম

assam

ETV Bharat / bharat

কেক কাটি ১০২ বছৰ পুৰণি বট বৃক্ষৰ জন্মদিন উদযাপন

নিজৰ জন্মদিনত কেক কটাৰ অভিজ্ঞতা চাগে বহুতৰে হৈছে ! কিন্তু কেক কাটি গছৰ জন্মদিন উদযাপন কৰাৰ কথা শুনিছেনে ? এজোপা ১০২ বছৰ পুৰণি বট বৃক্ষৰ প্ৰতি থকা মৰম আৰু ১০২ বছৰে গছজোপাৰ সৈতে গঢ়ি উঠা এক অনন্য সম্পৰ্কৰ বাবেই প্ৰকৃতি প্ৰেমীয়ে কেক কাটি পালন কৰিলে জন্মদিন । লগতে গছৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ।

By

Published : Jul 26, 2021, 9:33 PM IST

102 nd birthday celebration for banyan tree
কেক কাটি ১০২ বছৰ পুৰণি বট বৃক্ষৰ জন্মদিন উদযাপন

নেশ্যনেল ডেস্ক, ২৬ জুলাই: বৰ্তমান পৰিৱেশ সুৰক্ষা তথা গছ-গছনি সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা পৰিলক্ষিত হয় । বহু লোকে গছ পুলি ৰোপণ কৰি আৰু বহুতে গছ পুলিৰ যত্ন লৈ প্ৰকৃতিৰ সেউজীয়া ৰূপ সুন্দৰ কৰি ৰখাৰ প্ৰয়াস কৰে । সঁচা অৰ্থত প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কাম কৰি থকা লোকসকলৰ চৌপাশৰ গছ-গছনিৰে এক এৰাব নোৱাৰা সম্পৰ্ক গঢ় লৈ উঠে । এই কথাকে প্ৰমাণ কৰিলে তামিলনাডুৰ ছেল্লুৰৰ একাংশ প্ৰকৃতিপ্ৰেমীৰ ব্যতিক্ৰমী কাৰ্যই ।

কেক কাটি ১০২ বছৰ পুৰণি বট বৃক্ষৰ জন্মদিন উদযাপন

দেওবাৰে ৰামনাথপুৰম জিলাৰ ছেল্লুৰৰ মীনাটচিপুৰম অঞ্চলৰ ৰাইজে এজোপা বট গছৰ জন্মদিন পালন কৰে । ১০২ বছৰ পুৰণি গছজোপাৰ তলতে কেক কাটি জন্মদিন উদযাপন কৰে ৰাইজে । জ্যেষ্ঠ লোকসকলে সৰুৰে পৰাই এই গছজোপা দেখি আহিছে আৰু এতিয়া এই গছজোপা তেওঁলোকৰ জীৱনৰ এক অংশস্বৰূপ হৈ পৰিছে । অঞ্চলটোত ৭ জোপাতকৈও অধিক বট গছ ৰোপণ কৰা হৈছিল ।

কেক কাটি ১০২ বছৰ পুৰণি বট বৃক্ষৰ জন্মদিন উদযাপন

কিন্তু সঠিকভাৱে সংৰক্ষণ নকৰা বাবে অধিকাংশ গছ মৰি গ'ল । এতিয়া কেৱল এজোপা গছহে বাকী আছে । দেওবাৰে স্থানীয় লোকসকলে গছজোপাৰ তলতে এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰে ।

কেক কাটি কণ কণ শিশু আৰু জেষ্ঠ লোকসকলে জন্মদিন উদযাপন কৰে । তেওঁলোকে গছ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলোকে বুজাবলৈ প্ৰয়াস কৰে । সেয়ে কণ কণ শিশুসকলক এটাকৈ গছ পুলি দিয়া হয় আৰু তেওঁলোকে সেই স্থানতে গছ পুলিবোৰ ৰোপণ কৰে । স্থানীয় প্ৰজাতিৰ গছবোৰ সুৰক্ষিত কৰিবলৈও শিশুসকলক পৰামৰ্শ দিয়া হয় ।

আয়োজকসকলে জনোৱা মতে, ভৱিষ্যত প্ৰজন্মক গছৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰিবলৈ আৰু স্থানীয় প্ৰজাতিৰ গছৰ সুৰক্ষাৰ বাবে প্ৰতি বছৰে গাঁৱৰ ৰাইজে এইদৰে অনুষ্ঠানৰ আয়োজন কৰে । এনে ধৰণৰ অনুষ্ঠানে এক ইতিবাচক পৰিৱৰ্তন আনিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে । যি নহওক, মীনাটচিপুৰম অঞ্চলৰ ৰাইজৰ এই ব্যতিক্ৰমী পদক্ষেপে গছৰ প্ৰতি থকা তেওঁলোকৰ ভালপোৱাকে সূচাইছে ।

লগতে পঢ়ক:পেগাছাছ বিতৰ্ক: সদন স্থগিত ৰখাৰ প্ৰস্তাৱ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details