নেশ্যনেল ডেস্ক,৫ মে' :পশ্চিমবংগৰ বিজেপি নেতা তথা বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীৰ কনভয়ৰ খুন্দাত এজন যুৱকৰ মৃত্যু (Suvendu Adhiakri convoy hit man)! বৃহস্পতিবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাৰ পাছতে তীব্ৰ উত্তেজনা মেদিনীপুৰত । নন্দীগ্ৰামৰ সাংসদজনক গ্ৰেপ্তাৰৰ দাবীত পথ অৱৰোধ স্থানীয় লোকৰ । অৱশ্যে বাহনখন নেতাগৰাকীৰ কনভয়ৰ অংশ আছিল নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।
স্থানীয় লোকে অভিযোগ কৰা মতে বৃহস্পতিবাৰে নিশা পূব মেদিনীপুৰৰ চণ্ডীপুৰত বিৰোধী নেতা সুভেন্দু অধিকাৰীৰ কনভয়ৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয় (Man died after BJP leader convoy hit)। দুৰ্ঘটনাটোৰ পাছতে অঞ্চলটোত স্থানীয় লোকসকলে তীব্ৰ প্ৰতিবাদত সাব্যস্ত কৰে । পথ অৱৰোধ কৰি বিজেপি সাংসদজনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ । লক্ষণীয়ভাৱে আৰক্ষীয়ে কিন্তু এতিয়ালৈ নিশ্চিত কৰিব পৰা নাই যে বাহনখন বিজেপি নেতাৰ কনভয়ৰ অংশ আছিল নে নাই ।
জানিব পৰা মতে নিশা প্ৰায় ১০ মান বজাত নেতাগৰাকীৰ কনভয় ৰাষ্ট্ৰীয় ঘাইপথ-১১৬বিৰ পেট্ৰ'ল পাম্প পাৰ হৈ যোৱাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় । স্থানীয় লোকে দাবী কৰা মতে, তীব্ৰবেগী কনভয়ে নিয়ন্ত্ৰণ হেৰুৱাই এজন যুৱকক খুন্দিয়ায় । শ্বেখ ইছৰাফিল নামৰ যুৱকজনে ৰাস্তা পাৰ হৈ যোৱাৰ সময়তে দ্ৰুতবেগী বাহনখনে তেওঁক মহতিয়াই থৈ যায় । স্থানীয় লোকে অভিযোগ কৰা মতে আঘাতপ্ৰাপ্ত যুৱকজনক শুশ্ৰূষা নকৰাকৈয়ে কনভয়টো সেই স্থানৰ পৰা আঁতৰি গৈছিল ।